অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যত CPI(M) ৰ প্ৰতিবাদ - প্ৰতিবাদী কাৰ্যসূচী

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে চিপিআইএমে ৷ বৃহস্পতিবাৰে জনীয়া, নলবাৰী আৰু ৰঙিয়াতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে CMI(M) য়ে ৷

CPI(M) protest againts price hike in uper assam
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নামনিত CPI(M) ৰ প্ৰতিবাদ

By

Published : Jul 1, 2021, 6:35 PM IST

নিউজ ডেস্ক, 1 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ বাওঁপন্থী দলসমূহৰ নেতৃত্বত ৰাজ্যৰ প্ৰতিটো অঞ্চলতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷

জনীয়া : বৰপেটা জিলাৰ কলগাছিয়া চাৰিআলিত চিপিআইএমৰ কলগাছিয়া আঞ্চলিক সমিতিৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চৰকাৰৰ কৃষক বিৰোধী আইনৰ লগতে কেইবাটাও দাবীৰ ভিত্তিত চিপিআইএমৰ কলগাছিয়া কমিটিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত ঠেলাৰ ওপৰত মটৰ চাইকেল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি তুলি লৈ পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবী শতাধিক চিপিআইএমৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ লগতে শাসক-বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাওঁকৰ্মীসকলে ৷

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নামনিত CPI(M) ৰ প্ৰতিবাদ

নলবাৰী :মুকালমুৱাতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত চিপিআইএমৰ বৰক্ষেত্ৰী আঞ্চলিক কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । মুকালমুৱাৰ বৰলীয়াৰ পাৰত সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত হাতে হাতে বেনাৰ, প্লে’ কাৰ্ড লৈ শতাধিক বাওঁকৰ্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত ৷

মোডীৰ অচ্ছে দিনত আকাশলংঘী মূল্যবৃদ্ধি কিয় ? জবাব লাগে জবাব দিয়ক, সাম্প্ৰদায়িক ভিত্তিক সকলো উচ্ছেদ বন্ধ কৰক, ক’লা কৃষি আইন বাতিল কৰক, দেশৰ গণতন্ত্ৰক ৰক্ষা কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএমৰ কৰ্মীসকলে ৷ আনহাতে, যোৱা ডেৰ মাহত পেট্ৰ’ল-ডিজেলৰ ২৮ বাৰকৈ হোৱা মূল্যবৃদ্ধিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷

ৰঙিয়া :ৰঙিয়াত চিপিআইএমৰ কামৰূপ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰঙিয়াৰ হাইৱে চ’কত মানৱ শৃংখল গঢ়ি তুলি প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএমৰ কৰ্মীসকলে ৷ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস, প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণৰ লগতে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ক্ষুদ্ৰ ঋণ ৰেহাই দিয়াৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কামৰূপ জিলাৰ চিপিআইএমে ।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নামনিত CPI(M) ৰ প্ৰতিবাদ

বৰ্তমান ক'ভিডৰ আংশিক লক ডাউনৰ বাবে ৰাজ্যৰ অধিকাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ উপাৰ্জন বন্ধ হৈ পৰিছে । সেয়েহে যিবোৰ পৰিয়ালে আয়কৰ আদায় দিব নালাগে তথা আয়কৰ আওতাত নপৰে, তেনে পৰিয়ালক ছয়মাহলৈ চৰকাৰৰ পৰা মাহিলী ৭৫০০ টকা দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে । শাসক-বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নামনিত CPI(M) ৰ প্ৰতিবাদ

লগতে পঢ়ক: স্থাপনৰ দিশে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details