অসম

assam

By

Published : Oct 5, 2020, 3:50 PM IST

Updated : Oct 5, 2020, 5:46 PM IST

ETV Bharat / state

হাথৰছ কাণ্ডৰ ন্যায়ৰ দাবীত ৰঙিয়াত চিপিআই(এম)ৰ প্ৰতিবাদ

উত্তৰ প্ৰদেশৰ হাথৰছত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা যুৱতীৰ ন্যায়ৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ দেশত। ৰঙিয়াত চিপিআই(এম)ৰ প্ৰতিবাদী সমদল। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল ৰঙিয়াৰ ৰাজপথ।

CPI(M) protest against Hathras rape and murder case
হাথৰছ কাণ্ডৰ ন্যায়ৰ দাবীত ৰঙিয়াত চিপিআই(এম)ৰ প্ৰতিবাদ

ৰঙিয়া, ৫ অক্টোবৰ:দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশৰ হাথৰছ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত ৰঙিয়াত চিপিআই(এম)ৰ প্ৰতিবাদী কাৰ্যসূচী। ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায় দলটোৰ নেতা-কৰ্মীয়ে। ৰঙিয়া চহৰৰ মূল পথেৰে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদী সমদল উলিয়ায় দলটোৱে। চৰকাৰ বিৰোধী শ্ল'গানেৰে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে। ধৰ্ষিতা যুৱতীৰ হত্যাৰ বিচাৰ লাগে, হত‍্যাকাৰীক ফাঁচী দিয়ক, বেটী বচাও বেটী পঢ়াও শ্ল'গান হাস‍্যকৰ, আদিত‍্যনাথৰ আমোলত উত্তৰ প্ৰদেশত অপৰাধীৰ দপদপনি কিয় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৰঙিয়াৰ ৰাজপথ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত‍্যনাথে ৰাইজক সুৰক্ষা দিয়াত ব‍্যৰ্থ হোৱা বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷

Last Updated : Oct 5, 2020, 5:46 PM IST

ABOUT THE AUTHOR

...view details