অসম

assam

ETV Bharat / state

গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ একমাত্ৰ চৰ ‘‘ৰাণী চাপৰি’’ - গুৱাহাটী

ৰাণী চাপৰিৰ পৰা গৰু চোৰে চুৰ কৰিলে ৫ হালকৈ বলধ গৰু ৷ এইবাৰ গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য হৈ পৰিছে মহানগৰীৰ একমাত্ৰ চৰ ৰাণী চাপৰি ।

গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ একমাত্ৰ চৰ ‘‘ৰাণী চাপৰি’’

By

Published : Jul 29, 2019, 5:20 PM IST

দক্ষিণ কামৰূপ, 29 জুলাইঃগৰু চোৰৰ লক্ষ্য হৈ পৰিছেমহানগৰীৰ একমাত্ৰ চৰ ৰাণী চাপৰি। এই চৰখনতে দীৰ্ঘদিন ধৰি ধাৰাপুৰ,গঁড়ল, ভট্টাপাৰা,কেন্দুকুচিৰ কিছু সংখ্যক লোকে কৃষি কৰি জীৱন-নিৰ্বাহ কৰি আছে। সোমবাৰে নিশা ৰাণী চাপৰীৰ পৰা গৰু চোৰে চুৰি কৰিলে ৫ হালকৈ বলধ গৰু। যাৰ বাবে এতিয়া কান্দোনত ভাগি পৰিছে ভট্টাপাৰা অঞ্চলৰ ভুক্তভোগী কৃষক ৷

গৰু চোৰাং ব্যৱসায়ীৰ লক্ষ্য মহানগৰীৰ একমাত্ৰ চৰ ‘‘ৰাণী চাপৰি’’

চৰখনত কোনো নথকাৰ সুযোগ লৈয়ে চোৰে চুৰি কৰি লৈ যায় বলধ গৰু। ভুক্তভোগী কৃষকে শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দাখিল কৰি এই চুৰি কাৰ্যৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ তাৰোপৰি শুৱালকুছি নদী আৰক্ষীয়ে কৃষকক জানিবলৈ দিয়ে যে কেবামাহ ধৰি নদী আৰক্ষীৰ হাতত নাই নাও তথা ফেৰী । নদী আৰক্ষীৰ এই আচৰণত এতিয়া ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ কৃষক। সেয়েহে স্থানীয় ৰাইজ তথা কৃষকে মহানগৰ আৰক্ষী আয়ুক্তক অনুৰোধ জনাই এই গৰু চুৰি ঘটনাৰ তদন্ত কৰি গৰু চোৰাং ব্যৱসায়ীক কৰায়ত্ব কৰাৰ বাবে অহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details