ৰঙিয়া, 28 মে’:শুকুৰবাৰেক’ভিডৰ পৰিস্থিতিৰ বুজ ল’বলৈ চিকিৎসালয় পৰিদৰ্শন কৰিলে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে । উল্লেখযোগ্য যে, ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰঙিয়াতো বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তাৰমাজতে আক্ৰান্ত সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে চোৱাচিতা কৰাৰ ব্যৱস্থা বিষয়ে বুজ ল’বলৈ ৰঙিয়াৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে মহকুমাধিপতি গৰাকীয়ে ।
ৰঙিয়াত ক’ভিড পৰিস্থিতি পৰ্যৱেক্ষণ মহকুমাধিপতি স্বপ্নীল পালৰ - স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰঙিয়াতো বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তাৰমাজতে আক্ৰান্ত সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে চোৱাচিতা কৰাৰ ব্যৱস্থা বিষয়ে বুজ ল’বলৈ ৰঙিয়াৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে মহকুমাধিপতি গৰাকীয়ে ।
ৰঙিয়াত ক’ভিড পৰিস্থিতি পৰ্যৱেক্ষণ মহকুমাধিপতী স্বপ্নীল পালৰ
ইপিনে মহকুমাধিপতি স্বপ্নীল পালে চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক সৰ্বোতম সেৱাৰে ৰোগীক শুশ্ৰূষা প্ৰদান কৰিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও মহকুমাধিপতি গৰাকীয়ে ৰঙিয়াত চলি থকা ক’ভিড প্ৰতিষেধকৰ নাটনিৰ লগতে ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত হোৱা সমস্যা সমূহৰ বিষয়েও বুজ লোৱা দেখা যায় ।
লগতে পঢ়কঃ ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক