অসম

assam

ETV Bharat / state

ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত ক‘ভিড-নীতি নমনাৰ অভিযোগ - rangia civil hospital

কোনো নিয়ম-নীতি নোহোৱাকৈ অৰাজকতাৰ সৃষ্টি হৈছে ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত ৷ কোনোধৰণৰ সামাজিক দূৰত্ব মানি নচলাৰ লগতে ক‘ভিড-নীতি নমনাৰ ফলত চেন্টাৰটোত সৃষ্টি হৈছে অৰাজকতাৰ ৷

ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত নিয়ম-নীতি মানি নচলাৰ অভিযোগ
ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত নিয়ম-নীতি মানি নচলাৰ অভিযোগ

By

Published : Apr 24, 2021, 3:25 PM IST

ৰঙিয়া, 24 এপ্ৰিল : কৰ’ণাৰ দ্বিতীয়টো ঢৌত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ এনে পৰিপেক্ষিতত ৰাজ্যৰ সকলোতে কৰ’ণা প্ৰতিষেধক গ্ৰহণৰ বাবে জনসাধাৰণে লগাইছে হেতা-ওপৰা ৷ ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত স্থাপন হোৱা ভেকচিন চেণ্টাৰতো দেখা গ’ল কৰ’ণা প্ৰতিষেধক ল’বলৈ ৰাইজৰ ভিৰ ৷ কোনো ধৰণৰ ক’ভিড নীতি আৰু সামাজিক দূৰত্ব মানি নচলাৰ ফলত চেন্টাৰটোত সৃষ্টি হৈছে অৰাজকতাৰ ৷ তাৰোপৰি অনলাইন বুকিং থকাৰ পিছতো বহুলোকে প্ৰতিষেধক নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত নিয়ম-নীতি মানি নচলাৰ অভিযোগ

আনহাতে বহু লোকে পুৱা পাঁচ বজাৰ পৰা শাৰী পাতি থকাৰ পিছতো নাম পঞ্জীয়ন কৰিবলৈ সক্ষম নোহোৱাৰ লগতে পঞ্জীয়ন হোৱা সকলৰ বহুতেই কৰ’ণা প্ৰতিষেধক ল’ব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে বহুলোকে ৷

উল্লেখ্য যে, কেন্দ্ৰটোত ক'ভিডৰ প্ৰাথমিক নীতি-নিয়ম যেনে সামাজিক দুৰত্বৰ লগতে মাস্ক পৰিধান নকৰাৰ অভিযোগ একাংশ । তাৰোপৰি অন্য একাংশৰ মতে, কৰ’ণা প্ৰতিষেধক ল’বলৈ যোৱা লোকসকলৰ মাজৰে কোনো ক’ভিড আক্ৰান্তৰ পৰাও ৰোগবিধৰ সংক্ৰমণ হোৱাৰ থল আছে ।

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত হৈ মৃত্যু বিহুৱতী ডলী গগৈৰ

ABOUT THE AUTHOR

...view details