অসম

assam

ETV Bharat / state

কৰ্টাখাটত উদ্ধাৰ হাস্পতালৰ পৰা পলায়ন কৰা ক’ভিড ৰোগী - ৰঙিয়াত আশ্ৰয় গ্ৰহণ হাস্পতালৰ পৰা পলায়ন কৰা ৰোগীৰ

ক’ভিড হাস্পতালৰ পৰা পলায়ন ক’ভিড ৰোগীৰ ৷ ক’ভিডত আক্ৰান্ত ৰোগীজন হৈছে ৰঙিয়াৰ ৰবীন কলিতা ৷ পলায়ন কৰা কলিতাক কৰ্টাখাটত উদ্ধাৰ ৷

কৰ্টাখাটত উদ্ধাৰ হাস্পতালৰ পৰা পলায়ন কৰা ক’ভিড ৰোগী
কৰ্টাখাটত উদ্ধাৰ হাস্পতালৰ পৰা পলায়ন কৰা ক’ভিড ৰোগী

By

Published : May 13, 2021, 9:40 PM IST

ৰঙিয়া,12 মে': ক’ভিড হাস্পতালৰ পৰা পলায়ন কৰা ক’ভিড ৰোগীয়ে আশ্ৰয় ললেগৈ ৰঙিয়াৰ কৰ্টাখাটত । এদিন পূৰ্বে হাজোৰ কলিতাকুছিৰ চিকিৎসালয়ৰ পৰা পলায়ন কৰা ক’ভিডত আক্ৰান্ত ৰোগীজন হৈছে ৰঙিয়াৰ ৰবীন কলিতা (৭৫) । ক’ভিড হাস্পতলখনৰ পৰা ৰোগীজনে পলায়ন কৰাত অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ । হাস্পতালখনৰ পৰা বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো সন্ধান নাছিল ৰবীনৰ ।

কৰ্টাখাটত উদ্ধাৰ হাস্পতালৰ পৰা পলায়ন কৰা ক’ভিড ৰোগী

চাৰিওফালে বিচাৰি ফুৰিও কোনো সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোকসকল । অৱশেষত এই ঘটনাৰ এদিন পিছত ক’ভিড হাস্পতালৰ পৰা পলায়ন কৰা ৰবীন কলিতাক কৰ্টাখাটত উদ্ধাৰ কৰে ৰাইজে । ইতিমধ্যে ৰাইজে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক অৱগত কৰিছে সমগ্ৰ ঘটনা । স্বাস্থ্য বিভাগৰ দল এটাই পুনৰ ক’ভিড আক্ৰান্ত ৰোগী ৰবীন কলিতাক হাজোৰ কলিতাকুছি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:বিশ্বনাথত বিশ্ব ধাত্ৰী দিৱস উদযাপন

ABOUT THE AUTHOR

...view details