ৰঙিয়া, 16মে’:হাজোৰ শিঙিমাৰী ক’ভিড হাস্পতালত অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰাক্তন প্ৰৱন্ধক ফতিক কলিতাৰ দেহাৱসান ৷ বৃহস্পতিবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত ফতিক কলিতাৰ দেহত ধৰা পৰিছিল কভিড-১৯ ৰ অৱস্থিতি । স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে ব্যক্তিগৰাকীক ৰঙিয়াৰ পৰা প্ৰেৰণ কৰা হৈছিল শিঙিমাৰীৰ ক’ভিড হস্পিতললৈ ।
ক’ভিড হাস্পতালত উপস্থিত হোৱাৰ লগে লগে ব্যক্তি গৰাকীৰ মৃত্যু হয় ৷ সম্প্ৰতি ফতিক কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আতংকময় পৰিবেশে বিৰাজ কৰিছে ৰঙিয়াৰ ধৰমপুৰ অঞ্চলত ৷