দক্ষিণ কামৰূপ,31জুলাইঃ ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । দৈনিক বাঢ়ি অহা কৰ'ণা ৰোগীৰ বাবে বৰ্তমান ৰাজ্যত থকা ক’ভিড চিকিৎসালয় সমূহতো ঠাইৰঅভাৱ ঘটিছে । গুৱাহাটী আৰু দাঁতিকাষৰীয়া ঠাই সমূহত ৰাজ্যৰ স্বাস্থ্য বিভাগে যদিওৱা ক’ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰিছে সেইয়া সম্প্ৰতি পৰ্যাপ্ত হৈ থকা নাই কিয়নো কৰ'ণাৰ আক্ৰান্তৰ সংখ্যা কেয়াৰ চেন্টাৰতকৈ অধিক হ’বলৈ ধৰিছে ৷
এইবাৰ দক্ষিণ কামৰূপত স্বাস্থ্য বিভাগে মিৰ্জাৰ আৰ বি হাইস্কুলৰ বৃহৎ খেলপথাৰত স্বাস্থ্য বিভাগে নিৰ্মাণ কৰি আছে এই বিশেষ ক’ভিড কেয়াৰ চেন্টাৰ । প্ৰায় ৬৫০ৰ পৰা ৭০০ জন কৰ'ণা আক্ৰান্ত ৰোগীক ৰাখিব পাৰিব এই চেন্টাৰত । ৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে বৰ্তমান দিনে-নিশাই কৰ্মত নিয়োজিত হৈ শ্ৰমিকসকলে নিৰ্মাণ কৰি এই চিকিৎসালয়খন ।
বিভিন্ন সা-সুবিধাৰে নিৰ্মাণ কৰি থকা হৈছে এই চিকিৎসালয়খন । প্ৰত্যকটো কোঠাৰ ভিতৰতে থাকিব শৌচাগাৰ, স্নানাগাৰ, শোৱনি কোঠা । তিনিটা বৃহৎ পেণ্ডেলত সাজি থকা এই ক’ভিড কেয়াৰ চেন্টাৰত থাকিব ৪ ধৰণৰ কেবিন । ১খন বিচনাযুক্ত কোঠা,পতী-পত্নীৰ বাবে ২খন বিচনাযুক্ত কোঠা লগতে পৰিয়ালৰ বাবে ৩ খন আৰু ৪খন বিচনাযুক্ত কোঠা । বৃহৎ খেলপথাৰখনৰ এটা পেণ্ডেলত ৰখা হ'ব চিকিৎসাকৰ্মী, চাফাইকৰ্মী সকলোকো ।
অৱশ্যে প্ৰতিকুল বতৰৰ বাবে কিছু থমকি ৰ’ব লগা হৈছে নিৰ্মাণৰ কামৰ ক্ষেত্ৰত । এই কেয়াৰ চেন্টাৰত কামৰূপ আৰু দাঁতিকাষৰীয়া জিলা সমূহৰ ৰোগীৰ বাবে সুবিধাজনক হ'ব বুলি জানিব পৰা গৈছে । আনহাতে এই ক’ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰা শ্ৰমিকসকলে ব্যৱহাৰ কৰা দেখা নগ'ল এখনো মাস্ক । যি সময়ত কৰ'ণাই গন সংক্ৰমনৰ ভয়াৱহ ৰূপ লৈছে সেই সময়তে দায়িত্বত থকা বিষয়াই শ্ৰমিকৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে ।
লগতে পঢ়কঃ কামপুৰত বিনামূলীয়াকৈ স্বাৱ পৰীক্ষা কেন্দ্ৰ মুকলি