ৰঙিয়া, ১০ জুন :আংশিক লকডাউনৰ(Lockdown) সময়ত ঘৰতে জৈৱিক সাৰ উৎপাদন কৰি চৰ্চা লাভ কৰিছে কামৰূপ জিলাৰ ৰঙিয়াৰ এজন লোকে । সকলোৰে মাজত চৰ্চা লাভ কৰাৰ উপৰিও ৰঙিয়াৰ গোসাঁই শ'লমাৰীৰ হেমন্ত নাথ নামৰ লোকজন যথেষ্ট লাভান্বিত হৈছে ।
ঘৰতে জৈৱিক সাৰ উৎপাদন কৰি লাভান্বিত ৰঙিয়াৰ কৃষক - Agriculture science centre of Guwahati
কামৰূপ জিলাৰ ৰঙিয়াৰ হেমন্ত নাথে প্ৰথম অৱস্থাত নিজৰ বাবে কেঁচুসাৰ উৎপাদন কৰিছিল যদিও পিছলৈ বজাৰত সাৰৰ চাহিদালৈ লক্ষ্য ৰাখি ব্যৱসায়ৰ উদ্দেশ্যে সাৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰে । সকলোৰে মাজত চৰ্চা লাভ কৰাৰ উপৰিও ৰঙিয়াৰ গোসাঁই শ'লমাৰীৰ হেমন্ত নাথ যথেষ্ট লাভান্বিত হৈছে এই ব্যৱসায়ৰ জৰিয়তে ।
পেছাত এগৰাকী কৃষক হেমন্ত নাথে প্ৰথম অৱস্থাত নিজৰ বাবে কেঁচুসাৰ(vermicompost) উৎপাদন কৰিছিল যদিও পিছলৈ বজাৰত সাৰৰ চাহিদালৈ লক্ষ্য ৰাখি ব্যৱসায়ৰ উদ্দেশ্যে সাৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰে । ঘৰৰ পেলনীয়া পাচলিৰ লগতে পুখুৰীৰ মেটেকা,কলগছ আদি ব্যৱহাৰ কৰি সহজেই উৎপাদন কৰিব পাৰি এইবিধ সাৰ । প্ৰথমে এখন বিচনাত সাৰৰ উৎপাদন কৰিছিল যদিও বৰ্তমান ছয়খন বিচনাত কৃষকজনে সাৰ উৎপাদন কৰিবলৈ লৈছে । এখন বিচনাত সাধাৰণতে তিনি মাহত সাৰ প্ৰস্তুত হয় যদিও গ্ৰীষ্মকালত ৪৫-৫০ দিনৰ ভিতৰতো সাৰ প্ৰস্তুত হয় বুলি জানিবলৈ দিয়ে কৃষকজনে ।
কৃষকজনৰ পত্নী ঊষা নাথে গুৱাহাটীৰ কৃষি বিজ্ঞান কেন্দ্ৰত এই সাৰ উৎপাদনৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । প্ৰশিক্ষণৰ পিছত বৰ্তমান পতি-পত্নী দুয়ো মিলি ঘৰতেই ব্যৱসায়ীক ভিত্তিত কেঁচু সাৰ উৎপাদন কৰি আহিছে । যি সময়ত ৰাসায়নিক সাৰৰ প্ৰতি কৃষকৰ মোহ ভংগ হ'বলৈ ধৰিছে আৰু জৈৱিক সাৰে বজাৰ দখল কৰিবলৈ ধৰিছে তেনে সময়তে এই পৰিয়ালটোৱে ঘৰতেই জৈৱিক সাৰ উৎপাদন কৰি যথেষ্ট লাভান্বিত হৈছে ।
লগতে পঢ়ক:সংকটত শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী