অসম

assam

ETV Bharat / state

কামৰূপৰ আৰক্ষী চকীৰ সন্মুখত নিষিদ্ধ কফ চিৰাপৰ বটল জব্দ

দৈনিক তালাচীৰ সময়ত আৰক্ষীয়ে নিষিদ্ধ কফ চিৰাপৰ বটল সমূহ জব্দ কৰে ৷

By

Published : Aug 29, 2019, 3:32 PM IST

কফ চিৰাপৰ বটল জব্দ

গুৱাহাটী, 29 আগষ্টঃবুধবাৰে কামৰূপৰ দদৰা আৰক্ষী চকী সন্মুখত আৰক্ষীয়ে বহু পৰিমাণৰ নিষিদ্ধ কফ চিৰাপৰ বটল জব্দ কৰে৷ দৈনিক তালাচীৰ সময়ত আৰক্ষীয়ে এই নিষিদ্ধ কফ চিৰাপৰ বটল সমূহ জব্দ কৰে৷

কফ চিৰাপৰ বটল জব্দ

এই সন্দৰ্ভত আৰক্ষীয়ে এখন AS-25-J-5493 নম্বৰৰ মটৰ চাইকেল আৰু এখন নম্বৰ পিলেট বিহিন কলা ৰঙৰ স্কুটি সহ তিনিজন যুৱকক আটক কৰে৷ আটকাধীন যুৱক কেইজন ক্ৰমে চাফেদ আলী,আজিজ আলী আৰু আনজন আৰুজুল ইছলাম৷ চাফেদ আলীৰ ঘৰ হাজোৰ বৰ্নী আৰু আজিজ আলী আৰু আৰুজুল ইছলামৰ ঘৰ হাজোৰ দামপুৰত বুলি জানিব পৰা গৈছে৷

ABOUT THE AUTHOR

...view details