ৰঙিয়া, 13 মে' : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত সৃষ্টি হোৱা দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি মংগলবাৰে ৰঙিয়াৰ বৰদলবাসী ৰাইজ উপস্থিত হ'ল মহকুমাধিপতিৰ কাৰ্যালয়ত ৷ ৰাইজৰ অভিযোগ অনুসৰি, ৰঙিয়াৰ বৰদল গাঁও পঞ্চায়তৰ অন্তৰ্গত গোঁসাই শ'লমাৰী আৰু কাছাৰী শ'লমাৰী গাঁৱত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক অনিয়মৰ সৃষ্টি হৈছিল ৷ পঞ্চায়ত প্ৰতিনিধিয়ে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা কৃষকৰ নাম তালিকাত অন্তভূক্ত কৰাৰ অভিযোগ ৰাইজৰ ৷
আনকি, একে নিশাতেই বহু অচিনাকী ব্যক্তিৰ নাম তালিকাত অন্তভূক্ত কৰাৰ অভিযোগ অভিযোগকাৰীৰ ৷ বহুতো কৃষি ভূমি নথকা ব্যক্তিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ নামো তালিকাত অন্তভূক্ত হোৱাৰ তথ্য দাঙি ধৰিলে ৰাইজে ৷