ছয়গাঁও, 11 এপ্ৰিলঃলক ডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া লোকৰ সহায়ৰ বাবে প্ৰদান কৰা আঁচনিসমূহৰ নামত উত্থাপন হৈছে ব্যাপক অনিয়মৰ অভিযোগ । দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিত ৰেচন কাৰ্ড নথকা দুখীয়া লোকক, পঞ্চায়তৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা এহেজাৰ টকাৰ সলনি ৫০০ টকাহে আদায় দিছে বুলি অভিযোগ উত্থাপন হৈছে । ইয়াৰোপৰি পঞ্চায়তৰ প্ৰতিনিধি সকলে ৰেচন কাৰ্ড থকা আত্মীয় লোকক সেই টকা প্ৰদান কৰা বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ হাতীশলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰচিদা আহমেদআৰু হাতীপাৰাৰ গাঁও পঞ্চায়তৰ সভাপতি মইনুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । ইতিমধ্যে দুয়োগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ।
ছয়গাঁৱত চৰকাৰী সাহাৰ্যৰ নামত অনিয়মৰ অভিযোগ - মইনুল হক
দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিত দুখীয়া লোকৰ বাবে চৰকাৰে প্ৰদান কৰা সাহাৰ্যৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ।
corruption on govt scheme in chaygaon