অসম

assam

ETV Bharat / state

Corruption in road construction : ৰঙিয়াত সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Public demand for investigation on corruption

হাজোৰ পাছত এইবাৰ ৰঙিয়াত সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক দুৰ্নীতি (MP fund corruption in Rangia)। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰে পথ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ । প্ৰশাসনক তদন্তৰ আহ্বান ।

Corruption in road construction
ৰঙিয়াত সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক দুৰ্নীতি

By

Published : Feb 4, 2023, 12:45 PM IST

ৰঙিয়াত সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক দুৰ্নীতি

ৰঙিয়া,৪ ফেব্ৰুৱাৰী :ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন ব্যৱহাৰত হাজোৰ পাছত ৰঙিয়াতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । যাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । ইতিমধ্যে হাজোত সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰে ৬ টা পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে (MPLAD corruption in Hajo)।

সমান্তৰালকৈ ৰঙিয়া সমষ্টিত স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজি (MPLAD)ৰ অধীনত সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধনেৰে পথ নিৰ্মাণৰ নামত কেইবা লাখ টকা হৰলুকি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সূত্ৰৰ পৰা জানিব পৰা মতে ৰঙিয়া সমষ্টিৰ ৫ টাকৈ পথ নিৰ্মাণৰ নামত সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ ব্যাপক দুৰ্নীতি হৈছে (Corruption in MP funds use in Rangia)।

ইয়াৰ ভিতৰত ৰঙিয়াৰ কৃষ্ণ মন্দিৰ পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ টকা, ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ নামত ১৫ লাখ, চেপ্তি-বিহদিয়া পথৰ পৰা নকুছি পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ১ নং তুলসীবাৰীৰ পৰা বঙালী চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, নকুছি পামহি পথৰ পৰা শৰ্মা চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, খৈৰাবাৰী বড়ো চুবাৰ পৰা বসুমতাৰী চুবা পথ নিৰ্মাণৰ নামত ১৪ লাখ টকা আৱণ্টন দিয়া হৈছিল ।

এই ক্ষেত্ৰত বিশেষকৈ নকুচি পামহি চুবাৰ পৰা শৰ্মা চুবালৈ যোৱা পথ আৰু ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ কামৰ কোনো অস্তিত্বই দেখিবলৈ পোৱা নাই ৰাইজে । একাংশ লোকে জনোৱা মতে সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনেৰে কোনো ধৰণৰ পথ নিৰ্মাণৰ কাম হোৱা নাই । যাৰ বাবে এনে ধৰণৰ ব্যাপক দুৰ্নীতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈও দাবী জনাইছে ৰাইজে (Public demands for investigation on corruption)।

অনুৰূপ ধৰণে বাকী পথসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো একেধৰণৰ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । স্থানীয় প্ৰশাসনৰ কোনো বিষয়াক নিৰ্মাণ সমিতিত জড়িত নকৰাৰ বাবেও আন এক ৰহস্যৰ সৃষ্টি হৈছে । কেৱল এয়াই নহয় সাংসদ পুঁজিৰ ধনেৰে কৰা কামসমূহৰ কোনো এটা ঠাইতো এখনো ফলক আঁৰি থোৱা নাই ঠিকাদাৰ তথা নিৰ্মাণত জড়িত লোকসকলে ।

সাংসদ পুঁজিৰ ধনেৰে নিৰ্মিত একাংশ পথৰ নাম-ঠিকনাৰো কোনো অস্তিত্ব নাই । সেয়েহে সমগ্ৰ বিষয়টো তদন্ত কৰি দুৰ্নীতিত জড়িত ঠিকাদাৰ তথা আনলোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :Operation against child marriage: অভিযুক্তৰ মুক্তিৰ দাবীত উত্তাল সোণাৰি সদৰ থানা

ABOUT THE AUTHOR

...view details