বকো, 14 জুলাই :ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে খেলৰ সামগ্ৰী ক্ৰয় কৰাৰ নামত বিদ্যালয়ত আৱণ্টন দিয়া পুঁজিৰ ব্যয়ত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নিম্নমানৰ খেলৰ সামগ্ৰী প্ৰদান কৰি বিদ্যালয়ৰ পৰা কৌশলেৰে সৰকাই নিছে আৱণ্টিত ধন । শিক্ষা বিষয়া, গাণনিক বিষয়াৰ নিৰ্দেশত প্ৰধান শিক্ষকে নিৰ্ধাৰিত প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে ।
জানিব পৰা মতে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ Whats app গ্ৰুপত দিয়া হৈছে এটা নিৰ্দশনা । নিৰ্দেশনাটো প্ৰেৰণ কৰিছে গাণনিক বিষয়া কিশোৰ কুমাৰ বৈশ্যই । বিষয়া গৰাকীৰ নিৰ্দেশ অনুসৰি CHAMPION SPORTS, GUWAHATI নামৰ প্ৰতিষ্ঠানখনৰ পৰা বিদ্যালয়ৰ খেলৰ সামগ্ৰী ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কামৰূপ জিলাৰ ২৯০ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক ।