অসম

assam

ETV Bharat / state

৯ বছৰে সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ - sub centre

এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য যোৱা 9 বছৰে সম্পূৰ্ণ নহ'ল । এই স্বাস্থ্য কেন্দ্ৰটো আছে ৰঙিয়াৰ হাচানটুকত । ফলত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হাচানটুকৰ ৰাইজে ৷

Corruption in construction of health sub-centre
৯ বছৰে সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ

By

Published : Aug 31, 2021, 8:53 PM IST

ৰঙিয়া, 31 আগষ্ট :ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য যোৱা 9 বছৰে সম্পূৰ্ণ নহ'ল । এই স্বাস্থ্য কেন্দ্ৰটো আছে ৰঙিয়াৰ হাচানটুকত । অতি পিছপৰা এই অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে 12 লাখ 25 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই উপ-স্বাস্থ্য কেন্দ্ৰটো ৷

৯ বছৰে সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ

এক সূত্ৰই সদৰি কৰা মতে, উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম কৰা ঠিকাদাৰে ইতিমধ্যে অৱন্টিত ধনৰ 90 শতাংশ টকা মোকলাই নিছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি, উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাটো বাদেই স্বাস্থ্য কেন্দ্ৰটোৰ গৃহটো আধা নিৰ্মাণ কৰি দায়িত্ব সামৰিলে ঠিকাদাৰে ৷ ফলত 8 বছৰ ধৰি বন্ধ হৈ আছে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য ৷

লগতে পঢ়ক:3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

কভিড-১৯ আতংকৰ মাজতে অঞ্চলটোৰ অন্য ৰোগীসকলেও চিকিৎসাৰ সেৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । সাধাৰণ এটা বেমাৰ হ'লেই চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷ অঞ্চলটোৰ সমীপৰতো বিকল্প স্বাস্থ্য কেন্দ্ৰ নাই, ফলত স্বাস্থ্য সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হাচানটুকৰ ৰাইজে ৷

উল্লেখ্য যে, 9 বছৰৰ পূৰ্বে আৰম্ভ হোৱা স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কাৰ্য যোৱা 8 বছৰ ধৰি বন্ধ হৈ থকাৰ ফলত লাহে লাহে ইয়াৰ গৃহটো জহি-খহি যাবলৈ ধৰিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে বহুবাৰ অৱগত কৰিছিল ৷ কিন্তু আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

এনে ক্ষেত্ৰত উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি অতি সোনকালে স্বাস্থ্য সেৱা বাবে মুকলি কৰিবলৈ বিভাগীৰ কৰ্তৃপক্ষক পুনৰ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক:কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

ABOUT THE AUTHOR

...view details