কামৰূপ, 16 মাৰ্চ:কৰ’ণা ভাইৰাছৰ লৈ সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে আতংক । চীনৰ পৰা ক্ৰমে কেইবাখনো দেশলৈ সংক্ৰমণ হোৱা এই ভাইৰাছৰ ফলত ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি কেইবা হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে । ইৰাণ,জাৰ্মানী,ইটালী,দক্ষিণ কোৰিয়া,চীন আদি দেশত কৰ’ণা ভাইৰাছে এতিয়াও ধাৰণ কৰি আছে সংহাৰী ৰূপ ।
এতিয়ালৈ ভাৰতত কৰ’ণা ভাইৰাছত দুজন লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে । আনহাতে ভাৰতৰ মহাৰাষ্ট্ৰ,কেৰালা,দিল্লী, হাৰিয়ানা,ধৰি বিভিন্ন ৰাজ্যত আটাইতকৈ বেছি লোক এই ৰোগত আক্ৰান্ত হৈছে । ইফালে অসমৰো ভিন্ন প্ৰান্তত বিৰাজ কৰিছে কৰ’ণা ভাইৰাছৰ আতংক । যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কামৰূপ জিলা স্বাস্থ্য বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে কামৰূপৰ জিলাৰ 12 খন ব্ল’ক পঞ্চায়তৰ দক্ষিণ কামৰূপৰ বকো,নগৰবেৰা,ৰামপুৰ, ছয়গাও,আজাৰা,উপৰহালিআৰু উত্তৰ কামৰূপৰ কামলপুৰ,ৰঙিয়া,বিহদিয়া,উত্তৰ গুৱাহাটী,হাজো,শুৱালকুছি এই আটাইকেইখন হাস্পতালতেই চিকিৎসক, নাৰ্ছকে ধৰি সাজু কৰি ৰখা হৈছে চিকিৎসকৰ দল ।