অসম

assam

ETV Bharat / state

বকোত ছাত্ৰৰ দেহত কৰ’ণাৰ অৱস্থিতি - বামুণীগাৱঁ আদৰ্শ চিকিৎসাল

বকোৰ ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭ বছৰীয়া এজন ছাত্ৰৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি । বকো ডনবস্ক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন বিদ্যালয়ৰ হোষ্টেলত আছিল ৷ বকোত সোমবাৰৰ দিনটোত মুঠ ১১ গৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি পোৱা গৈছে ৷

corona-in-student
বকোত ছাত্ৰৰ দেহত কৰ’ণা

By

Published : Apr 12, 2021, 11:02 PM IST

বকো,12 এপ্ৰিল: বকোত পুনৰ এজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ৷ ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭ বছৰীয়া এজন ছাত্ৰৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি । বকো ডনবস্ক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন বিদ্যালয়ৰ হোষ্টেলত আছিল ৷ একাদশ শ্ৰেণীৰ ছাত্ৰজন বিদ্যালয়ৰ হোষ্টেলত আছিল । বৰ্তমান বিদ্যালয় কৰ্তৃপক্ষ আৰু বকো চিকিৎসালয় কৰ্তৃপক্ষই ছাত্ৰজনক আইছলেচনত ৰখাৰ ব্যৱস্থা কৰিছে । বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত সোমবাৰে বকোৰ বিভিন্ন স্থানত ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল ৷ সমান্তৰালকৈ ডনবস্ক বিদ্যালয়ৰ ১৮৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ এই টেষ্ট কৰা হৈছিল ৷ ইয়াৰে এজন ছাত্ৰৰ দেহত কভিড-19 ধৰা পৰে ৷

বকোত ছাত্ৰৰ দেহত কৰ’ণা

উল্লেখ্য যে, বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়, তাৰাবাৰী ৰাজ্যিক চিকিৎসালয়, বামুণীগাঁও আদৰ্শ চিকিৎসালয়, বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ধূপগুৰি ৰাজ্যিক চিকিৎসালয় আৰু বকো হাইস্কুলকে ধৰি সৰ্বমুঠ ৯৪৮ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছিল । বকো সমষ্টিত সোমবাৰৰ দিনটোত মুঠ ১১ গৰাকীৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছে৷

লগতে পঢ়ক :ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন কাণ্ড: অভিযোগক নৎসাত স্বামী পৰিয়ালৰ

ABOUT THE AUTHOR

...view details