অসম

assam

ETV Bharat / state

চাইকেল ৰেলীৰ জৰিয়তে ক'ৰণাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস

বিশ্বত্ৰাসী কৰ'ণাৰ ভয়াৱহতাৰ সন্দৰ্ভত সচেতনতা আনিবৰ বাবে চৰকাৰ, প্ৰশাসন, চিকিৎসক তথা বিভিন্ন দল-সংগঠনে বিভিন্ন মাধ্যমেৰে জনসাধাৰণক সজাগ কৰি আহিছে । ক'ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দিছে বিভিন্ন নিৰ্দেশনা । ইয়াৰ মাজতে বহুজনে ব্যক্তিগত পৰ্যায়তো লৈছে জনসাধাৰণৰ মাজত সচেতনতা আনিবলৈ ন ন পন্থা । এনে এক পন্থাৰ মাজতে এগৰাকী নৱ প্ৰজন্মৰ উদিয়মান শিল্পীক দেখা গ'ল চাইকেল ৰেলীৰ জৰিয়তে মহামাৰী ক'ৰণাৰ ওপৰত সাধাৰণ জনতাক সজাগ কৰাৰ এক প্ৰচেষ্টা ।

By

Published : Jul 5, 2020, 10:00 PM IST

Corona awareness cycle rally by assamese actor
চাইকেল ৰেলীৰ জৰিয়তে ক'ৰণাৰ ভয়াৱহতাৰ ওপৰত সজাগতা কাৰ্যসূচী

আজাৰা,৫জুলাই: কৰ'ণাৰ ভয়াৱতাৰ লগতে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সাধাৰণ জনতাক সজাগ কৰিবলৈ চাইকেল ৰেলীৰ জৰিয়তে ওলাই আহিল এগৰাকী উদীয়মান অভিনেতা কিশোৰ দাস । কামৰূপৰ মিৰ্জাৰ পৰা চানডুবিলৈ চাইকেল ৰেলীযোগে চলালে এই সজাগতা অভিযান ।

প্ৰায় ৮০ কি:মি: যোৰা পথচোৱাত ৰেলীৰ মাধ্যমেৰে সজাগ কৰি গ'ল সাধাৰণ জনতাক । চৌদিশ প্ৰদূষণেৰে ভৰা এই পৃথিৱীত চাইকেলখন চলাই প্ৰদূষণ ৰোধৰ অংশীদাৰ হোৱাৰ লগতে সকলোৰে শৰীৰো যে সুস্থ কৰি ৰাখিব পাৰি তাৰো এক সজাগতা অনাৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই চাইকেল ৰেলীৰ । বৰ্তমান কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বন্ধ কৰি ৰখা জিম সমূহতো বন্ধ হৈ আছে শৰীৰ চৰ্চা । সেয়েহে এনে সময়ত চাইকেলখনৰ জৰিয়তে ব্যায়ামাভ্যাষ গঢ়ি তুলিব পাৰি বুলি মন্তব্য কৰিলে যুৱ অভিনেতা কিশোৰ দাসে ।

চাইকেল ৰেলীৰ জৰিয়তে ক'ৰণাৰ ভয়াৱহতাৰ ওপৰত সজাগতা কাৰ্যসূচী

ৰেলীত ব্যৱহৃত চাইকেলৰ সন্মুখত জনসাধাৰণক সজাগ কৰিবৰ বাবে চেনিটাইজাৰ ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, মাক্স ব্যৱহাৰ কৰক আদি শ্লোগানৰ পষ্টাৰ আঁৰি লোৱা পৰিলক্ষিত হয় । মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী প্ৰকৃতিৰ আন এক মনোৰম স্থলি চানডুবিলৈ যোৱাৰ পথচোৱাত অভিনেতা কিশোৰ দাসৰ নেতৃত্বত যোৱা ১০ জনীয়া দলটোৱে সাধাৰণ জনতাৰ মাজত বিতৰণ কৰিলে মাক্স আৰু চেনিটাইজাৰ ।

চাইকেল ৰেলীৰ জৰিয়তে ক'ৰণাৰ ভয়াৱহতাৰ ওপৰত সজাগতা কাৰ্যসূচী

চৌদিশে হৈ থকা মহামাৰী ক'ৰণাৰ আতংকময় সময়ত চানডুবিৰ জনজাতি অধ্যুষিত এলেকাত অভিনেতা কিশোৰ দাসৰ নেতৃত্বত যোৱা এই সজাগতা ৰেলীৰ কাৰ্যসূচীক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।

ABOUT THE AUTHOR

...view details