অসম

assam

By

Published : Jun 10, 2019, 9:13 PM IST

ETV Bharat / state

এটা ফেচবুক পোষ্টক লৈ কিয় গৰম হ’ল সুমন ?

"২০২১ ত হাজোৰ পৰা সুমন হাৰিপ্ৰিয়াই প্ৰাৰ্থিত্ব নাপায় । মাতৃৰ দৰে অৱস্থা হ'ব সুমনৰ ৷ " ফেচবুকত এনেদৰে পোষ্ট দি বিপদত কংগ্ৰেছ নেতা দুলু আহমেদ ৷

এটা ফেচবুক পোষ্টক লৈ গৰম সুমন হৰিপ্ৰিয়া

হাজো, 10 জুন : কংগ্ৰেছ নেতা দুলু আহমেদৰ এটা ফেচবুক পোষ্ট ৷ এই ফেচবুক পোষ্টক লৈ এতিয়া হাজোত বলিছে গৰম ৰাজনৈতিক বতাহ ৷ কংগ্ৰেছ নেতা দুলু আহমেদৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সমষ্টিটোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ লগতে তেওঁৰ সমৰ্থকসকল । "২০২১ ত হাজোৰ পৰা সুমন হাৰিপ্ৰিয়াই প্ৰাৰ্থিত্ব নাপায় । বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়ে সুমন হাৰিপ্ৰিয়াক । মাতৃৰ দৰে অৱস্থা হ'ব । প্ৰাৰ্থিত্ব নোপোৱাৰ আগজাননী পাই নিজা ঘৰ নহয়, ভাড়া ঘৰলৈহে হাজোত আছে সুমন । বিগত লোকসভা নিৰ্বাচনত হাজোত বিজেপি হাৰিছে । কংগ্ৰেছত কৈ কম ভোট পাইছে বিজেপিয়ে সেয়ে প্ৰাৰ্থিত্ব নাপায় সুমন হাৰিপ্ৰিয়াই । এনে কিছু কথাৰে দুলু আহমেদে দিয়া ফেচবুক পোষ্টক লৈ এতিয়া গৰম হৈ পৰিছে হাজোৰ ৰাজনীতি ।

এটা ফেচবুক পোষ্টক লৈ গৰম সুমন হৰিপ্ৰিয়া

এই পোষ্টৰ পাচতে সুমনে উভতি ধৰিছে দুলু আহমেদক ৷ "হাজোৰ ৰাইজৰ মাজত দুলুৰ কোনো ভীতি নাই । দুলুক বিদায় দিব হাজোৰ ৰাইজে ।" সোমবাৰে মণ্ডল বিজেপিৰ কাৰ্যকর্তাক লগত লৈ এক সংবাদমেল আয়োজন কৰি দুলুক উভতি ধৰিলে সুমন হৰিপ্ৰিয়াই । লগতে দুলু আহমেদৰ বিৰুদ্ধে আদালতত মান হানি গোচৰ তৰিব বুলিও উল্লেখ কৰে বিধায়িকাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details