অসম

assam

By

Published : Jul 19, 2021, 6:48 PM IST

ETV Bharat / state

গৰু গোহালিত পৰিণত ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ

ৰঙিয়াৰ দ্বাৰকুছিৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ ভূত বাংলাত পৰিণত হোৱা উপক্ৰম হৈছে ৷ কেন্দ্ৰটোত নাই চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মী ৷ ক'ভিডৰ এই ভয়াবহতাৰ সময়তে স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাত পূৱ দ্বাৰকুছি উপ স্বাস্থ্য কেন্দ্ৰটো এনেয়ে পৰি ৰৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

construction of a sub health center r
গৰু গোহালীত পৰিণত হোৱা ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ

ৰঙিয়া, 19 জুলাই : চৌদিশে ক'ভিড(Covid 19)ৰ আতংক । ক'ভিডৰ এই জটিল পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ চৰকাৰে নতুনকৈ হাস্পতাল নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ লগতে স্বাস্থ্য বিভাগে হাস্পতালসমূহত আই চি ইউ (ICU) বিচনা বৃদ্ধি কৰাতো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

কিন্তু চৰকাৰ তথা স্বাস্থ্য বিভাগে জনস্বাস্থ্যক লৈ অধিক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে এলাগি হৈ পৰি ৰৈছে ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ ৷ এই উপ-স্বাস্থ্য কেন্দ্ৰটো আছে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পূৱ দ্বাৰকুছিত ৷ স্বাস্থ্যকেন্দ্ৰটোৰ চাৰিওফালে বৰ্তমান হাবি-জংঘলেৰে আৱৰি ধৰিছে ৷ এক কথাত ভূত বাংলা বুলিয়ে ক'ব পাৰি ৷

স্থানীয় লোকে সদৰি কৰা মতে প্ৰায় ছয় বছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাচতো সম্পূৰ্ণ নহ’ল উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য । যাৰবাবে আজিকোপতি মুকলি নোহোৱা কৈয়ে হাবি-জংঘলৰ মাজত এলাগি হৈ পৰি ৰৈছে উপ-স্বাস্থ্য কেন্দ্ৰটো ৷

বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই উপ-স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰায়ে প্ৰয়োজন অনুভৱ কৰি আহিছে ৷ উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত বহু সময়ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱাৰ কথা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত প্ৰায় ১২ লাখ টকা ব্যয় সাপেক্ষে এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল ।

গৰু গোহালীত পৰিণত হোৱা ৰঙিয়াৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ

প্ৰায় 5 বছৰৰ অধিক কাল স্বাস্থ্য কেন্দ্ৰটোত মুকলি নোহোৱাত গৃহটো জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৷ স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ৰাইজে চিকিৎসা সেৱা লাভ কৰাৰ পৰিৱৰ্তে বৰ্তমান গৰু-ছাগলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে । যৰা বাবে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে স্থানীয় দল সংগঠনে ৷

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, ক'ভিডৰ এই জটিল সময়তো স্বাস্থ্য কেন্দ্ৰটো এলাগি হৈ পৰি ৰোৱাতো দুৰ্ভাগ্যজনক ৷ চৰকাৰী বিভাগবিলাকৰ গুৰুত্বহীনতাৰ বাবে চৰকাৰৰ কোটি কোটি টকা এই দৰে অপচয় হৈ আছে ৷ গতিকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু স্থানীয় বিধায়ক ভৱেশ কলিতাক উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি জনস্বাস্থ্যৰ বাবে মুকলি কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক :ত্ৰিশূলেৰে হানি খুচি পিতৃয়ে হত্যা কৰিলে পুত্ৰক

ABOUT THE AUTHOR

...view details