অসম

assam

ৰঙিয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ৰঙিয়া বালাগাঁৱস্থিত হাইৱে' পেট্ৰ'ল পাম্পৰ সন্মুখত ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্ল’ক কংগ্ৰেছে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক জ্বলাকলা খুৱাইছে বুলি চৰকাৰখনৰ বিৰুদ্ধে কৰিলে অভিযোগ ৷

By

Published : Feb 23, 2021, 10:43 PM IST

Published : Feb 23, 2021, 10:43 PM IST

congress protest at rangia
ৰঙিয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ৰঙিয়া, ২৩ ফেব্ৰুৱাৰী :পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্ল’ক কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰঙিয়া বালাগাঁৱস্থিত হাইৱে' পেট্ৰ'ল পাম্পৰ সন্মুখত ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্ল’ক কংগ্ৰেছে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক জ্বলাকলা খুৱাইছে বুলি অভিযোগ কৰে ৷ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন অব্যাহত থকাৰ পাছতো বিজেপি নেতৃত্বধীন চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দলটোৰ নেতা কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details