দক্ষিণ কামৰূপ : উল্লেখযোগ্য যেৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ লগতে কংগ্ৰেছেও কৃষি আইন 2020ৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । ঠিক একেদৰে বিভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ ৰামপুৰ ব্লক কংগ্ৰেছৰ সদস্য সকলেও এই কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।
কৃষি আইন :বিপক্ষে আৰু সপক্ষে পৃথকে পৃথকে দুটা অনুষ্ঠান
দক্ষিণ কামৰূপত কৃষি আইনৰ বিপক্ষে আৰু সপক্ষে পৃথকে পৃথকে দুটা অনুষ্ঠান অনুষ্ঠিত হয় শনিবাৰে।
দক্ষিণ কামৰূপৰ উপৰহালীত শনিবাৰে কংগ্ৰেছৰ উদ্যোগত এক ৰেলী উলিয়াই কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে এক প্ৰতিবাদ । উক্ত প্ৰতিবাদী কাৰ্যসূচীত দলৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।
আনহাতে, একেটা দিনতে প্ৰতিবাদী কাৰ্যসূচীৰ নাতিদুৰতে বিজেপিয়ে কৃষি আইনৰ সপক্ষে অনুষ্ঠিত কৰে এখন সংবাদ মেল । কৃষি আইনৰ সপক্ষে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সদস্য সকলে বাটৰহাটস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰে এই সংবাদ মেলৰ । এই সংবাদ মেলতে কৃষি আইন ২০২০ৰ বিৰোধিতা কৰি অহা বিৰোধী দল সমুহক কঠোৰ ভাষাৰে সমলোচনা কৰে দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে ।
তাৰোপৰি এই সংবাদ মেলতে কৃষি আইন ২০২০ৰ জড়িয়তে অসমৰ চহা খেতিয়ক সকল কিদৰে লাভাম্বিত হ'ব এই বিষয়েও অৱগত কৰে বিজেপি সদস্য সকলে ।