অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি : ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

বৃহস্পতিবাৰে ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ ৷ পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ৰঙিয়া চক্ৰ বিষয়াৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

By

Published : Jul 2, 2020, 6:58 PM IST

মূল্যবৃদ্ধি : ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ
মূল্যবৃদ্ধি : ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

ৰঙিয়া, 2 জুলাই : সমগ্ৰ অসমৰ লগতে বৃহস্পতিবাৰে ৰঙিয়াত কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ।

মূল্যবৃদ্ধি : ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰক, পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰক, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, কংগ্ৰেছ চৰকাৰ জিন্দাবাদ আদি ধ্বনিৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । ইয়াৰোপৰি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰঙিয়া চক্ৰ বিষয়াৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19

ABOUT THE AUTHOR

...view details