ৰঙিয়া, 19 ফেব্ৰুৱাৰী:সমাগত অসম বিধান সভাৰ নিৰ্বাচন ৷ নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ ৰাজনৈতিক দল সমূহ ব্যস্ত হৈছে প্ৰাক নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰাত ৷ অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও আৰম্ভ কৰিছে নিৰ্বাচনৰ ৰণ শিঙা বজাবলৈ ৷ বৃহস্পতিবাৰে ৰঙিয়াত দেখা গ’ল কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ আমোলা ৷ কংগ্ৰেছী এই নেতা কেইগৰাকীয়ে অংশ ল’লে কংগ্ৰেছৰ এক দলীয় সভাত ৷
ৰঙিয়াৰ এই সভাত অংশ লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ বন্ধু ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে, হিমন্ত বিশ্ব শৰ্মাৰ বিত্তমন্ত্ৰীৰ কালত অসমত গোটেই অৰ্থনীতিক অৱস্থাটো যিমান ভাঙি-চিঙি চুৰমাৰ হৈছে, অসমৰ কোনো মন্ত্ৰীসভাত হোৱা নাই । হিমন্ত বিশ্ব শৰ্মাৰ কালতে ৮০ হাজাৰ কোটি টকাৰ ঋণ ল’লে চৰকাৰখনে । প্ৰত্যেকজন মানুহৰ মূৰত ৩০ হাজাৰ টকাৰ ঋণৰ বোজা লগালে । ঋণ লৈ চৰকাৰ চলাবলৈ বিত্তমন্ত্ৰীৰ প্ৰয়োজন নাই ৷