বকো,18 ফেব্ৰুৱাৰী:কামৰূপ জিলাৰ বকোৰ সোণতলীত বুধবাৰে কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা অসম বিধানসভা নিৰ্বাচনৰ জ্যেষ্ঠ নিৰীক্ষক ভূপেশ বাঘেল ৷ বকো সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল সোণতলীত হেলিকপ্তাৰেৰে গৈ উপস্থিত হৈ জয় আই অসম ধ্বনিৰে সভাৰ ভাষণ আৰম্ভ কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভা সামৰে মুখ্যমন্ত্ৰী বাঘেলে ৷
ভূপেশ বাঘেলৰ সভাত উৰিল ক’লা পতাকা - নন্দিতা দাসৰ বিৰুদ্ধে
দক্ষিণ কামৰূপৰ সোণতলীত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা অসম বিধানসভা নিৰ্বাচনৰ জ্যেষ্ঠ নিৰীক্ষক ভূপেশ বাঘেল ৷
আনহাতে সভা চলি থকাৰ মাজতে ঘটে এক অঘটন । সভাত উপস্থিত একাংশ ৰাইজে সভা চলি থকাৰ সময়তে ক’লা পতাকা উৰুৱাই বকোৰ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে নানান শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ অৱশ্যে প্ৰতিবাদকাৰীয়ে ক্ষন্তেক সময়ৰ বাবে সভাখন স্তব্ধ কৰিবলৈ চেষ্টা চলাইছিল, বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোককেইজনক সভাস্থলীৰ পৰা উলিয়াই পঠিয়াই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ অৱশ্যে ব্যক্তি কেইগৰাকী সন্দৰ্ভত এতিয়ালৈকে বিতংভাৱে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়কঃ পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া