গুৱাহাটী , 23 এপ্ৰিল :তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত শান্তিপূৰ্ণ গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ ৷কিছু কিছু ভোটকেন্দ্ৰত আৰম্ভণিতে ইভিএম বিকল হোৱা পৰিলক্ষিত হয় যদিও জালুকবাৰীত শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান প্ৰক্ৰিয়া ৷
বিজেপি নহয় , কংগ্ৰছহে সাম্প্ৰদায়িক দল! - বিজেপি
জনপ্ৰিয়ত আৰু শিক্ষাগত অৰ্থতা সকলো দিশৰ পৰাই আগবঢ়া ববিতা শৰ্মা ৷ সেয়েহে প্ৰাৰ্থী গৰাকী বিজয়ী হোৱাটো নিশ্চিত বুলি প্ৰকাশ দলীয় নেতাৰ ৷
![বিজেপি নহয় , কংগ্ৰছহে সাম্প্ৰদায়িক দল!](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3085936-thumbnail-3x2-bokakhat.jpg)
বিজেপি নহয় , কংগ্ৰছহে সাম্প্ৰদায়িক দল!
সমষ্টিটোৰ প্ৰাৰ্থীৰ বিজয়ক লৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷ জালুকবাৰী সমষ্টিৰ আগডলা পঞ্চায়তৰ এগৰাকী কংগ্ৰেছ নেতাই শিক্ষাগত অৰ্হতা আৰু জনপ্ৰিয়তাৰ দিশটোলৈ লক্ষ্য ৰাখি কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা নিৰ্বাচনত জয়ী হ'ব বুলি বিশ্বাস প্ৰকাশ কৰে ৷
বিজেপি নহয় , কংগ্ৰছহে সাম্প্ৰদায়িক দল!
আনহাতে প্ৰাৰ্থী কুইন ওজাৰ জয় নিশ্চিত বুলি দাবী কৰি ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘূ মৰ্চাৰ সম্পাদক তৱিবৰ ৰহমানৰ কয় যে, বিজেপি সাম্প্ৰদায়িক দল নহয় ,প্ৰকৃততে কংগ্ৰেছহে প্ৰকৃততে সাম্প্ৰদায়িক দল ৷