বাইহাটা,6 এপ্ৰিল:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা সমষ্টি হ’ল জালুকবাৰী সমষ্টি ৷ য’ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ প্ৰতাপী নেতা হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰৰ ভোট গ্ৰহণৰ সময়ত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল আমিনগাঁও ৰে’লৱে হাইস্কুলৰ ভোটকেন্দ্ৰ ৷ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল সহিতে ভোটকেন্দ্ৰটোত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল হিমন্ত বিশ্ব শৰ্মা ৷ ৰাইজৰ লগতে সংবাদ মাধ্যমেও আগুৰি ধৰিলে হিমন্ত বিশ্ব শৰ্মাক ৷ বহুতৰে লৰা-ধপৰা লাগিল হিমন্ত বিশ্ব শৰ্মাৰ লগত ছেলফি উঠাৰ বাবে ৷
আনহাতে, একেটা ভোটকেন্দ্ৰতে দেখা গ’ল কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰকো ৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী নেতাৰ সৈতে যুঁজ দিয়া ৰমেন বৰঠাকুৰে বাৰুকৈয়ে সমালোচনা কৰে বিজেপি প্ৰাৰ্থী শৰ্মাক ৷ তেওঁৰ মতে এইবাৰ জালুকবাৰী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই ৷