অসম

assam

ETV Bharat / state

সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি নন্দিতা দাসৰ - নিৰ্বাচন

সোমবাৰে কামৰূপ (গ্ৰাম্য) জিলাৰ বকোৰ লাম্পিত নিৰ্বাচনী প্ৰচাৰ চলাই 48 নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে । এইবেলি নিৰ্বাচনত ভোটাৰ ৰাইজক সৰহকৈ ভোটদান কৰিবলৈ আহ্বান জনাই নিৰ্বাচনত জয় লাভ কৰিলে সীমা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰাৰ্থী গৰাকীয়ে ।

nandita-das
নন্দিতা দাস

By

Published : Mar 22, 2021, 5:40 PM IST

বকো,22 মাৰ্চ: অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপ (গ্ৰাম্য) জিলাৰ বকোৰ লাম্পিত সোমবাৰে উপস্থিত হয় 48 নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে । সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিটোত প্ৰচাৰ চলায় বিধায়িকা গৰাকীয়ে ৷

লাম্পিত উপস্থিত হৈ অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে নন্দিতা দাসে । মূলতঃ আন্তঃৰাজ্যিক সীমা সমস্যাৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা লাম্পিৰ ৰাইজে সীমা সমস্যা সমাধান কৰাৰ বাবে দাবী উত্থাপন কৰে । ইয়াৰোপৰি. লাম্পিত বাস কৰা ৰাইজৰ ভূমি পট্টা, আৰক্ষীৰ বাবে এখন গাড়ী, লাম্পিৰ ৰাইজৰ বাবে এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে ।

সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি নন্দিতা দাসৰ

উল্লেখ্য যে, বিগত বিধানসভা কাৰ্যকালত লাম্পিৰ ৰাইজৰ সকলো ধৰণৰ সমস্যাত মাত মাতি অহা বাবে লাম্পিৰ ৰাইজে নন্দিতা দাসক ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক নিৰ্বাচনত বিধায়কাগৰাকীয়ে ভোট দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে বিগত বিধানসভা নিৰ্বাচনত লাম্পিৰ পৰা বহু কম ভোট লাভ কৰাৰ বাবে ৰাইজৰ আগত দুখ প্ৰকাশ কৰে ৷ লগতে প্ৰায় 1,500 ভোটাৰ থকা লাম্পিবাসীক সৰহকৈ ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ এইবেলি নিৰ্বাচনত জয়ী হলে সীমা সমস্যাকে ধৰি ৰাইজৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে প্ৰাৰ্থী গৰাকীয়ে ।

লগতে পঢ়ক :মন্ত্রী হিমন্ত বিশ্বক কমলাক্ষ দে পুৰকায়স্থৰ এয়া কিহৰ চেলেঞ্জ ?

ABOUT THE AUTHOR

...view details