অসম

assam

By

Published : Feb 27, 2021, 7:18 AM IST

ETV Bharat / state

তেজস্বী যাদৱৰে কংগ্ৰেছ-এআইইউডিএফৰ বৈঠক

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত আহি উপস্থিত হয় বিহাৰৰ আৰজেডিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ । সন্ধিয়া হোটেল তাজ ভিভাণ্টাত কংগ্ৰেছ নেতৃত্বৰে বৈঠকত মিলিত হয় নেতাগৰাকী ৷

as_ghy_congress-aiudf-meeting-with-tejaswi-yadav_vis_7206058
তেজস্বী যাদৱৰে কংগ্ৰেছ-এ আই ইউ ডি এফৰ বৈঠক

গুৱাহাটী,27 ফেব্ৰুৱাৰী: শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত আহি উপস্থিত হয় আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ । বৰঝাৰ বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনাই হোটেল তাজ ভিভাণ্টালৈ আদৰি আনে এআইইউডিএফ-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু বদৰুদ্দিন আজমলৰ পুত্ৰই ।

অৱশ্যে বিমান বন্দৰৰ পৰা হোটেললৈ অহা পথচোৱাত সুধাকণ্ঠৰ সমাধিত সেৱা জনায় নেতাজনে । আনহাতে, সন্ধিয়া হোটেল তাজ ভিভাণ্টাত তেজস্বী যাদৱৰ সৈতে আলোচনাত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ । সুদীৰ্ঘ সময়জুৰি চলে এই আলোচনা । অৱশ্যে বৰা আৰু বৰদলৈয়ে সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰে আৰজেডিৰ মুৰব্বীজনক ।

তেজস্বী যাদৱৰে কংগ্ৰেছ-এ আই ইউ ডি এফৰ বৈঠক

এই সাক্ষাতৰ পিছত ৰিপুণ বৰাই সংবাদ মাধ্যমক কয় যে, অসমত বিজেপিক কিদৰে পৰাভূত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈকে তেজস্বী যাদৱ অসমলৈ আহিছে । এই প্ৰসংগতে কংগ্ৰেছৰ সৈতে তেওঁৰ আলোচনা হৈছে বুলিও ৰিপুণ বৰাই মন্তব্য কৰে ।

লগতে পঢ়ক-নিৰ্বাচনৰ প্ৰাকক্ষণত অসম আৰক্ষীত বৃহৎ ৰদবদল

ABOUT THE AUTHOR

...view details