অসম

assam

ETV Bharat / state

বিজেপিক এক বৃহৎ তিমি মাছৰ লগত তুলনা কংগ্ৰেছ-এআইইউডিএফৰ

শুকুৰবাৰে ৰঙিয়াৰ উলুবাৰীত কংগ্ৰেছ আৰু এআইইউডিএফৰ যৌথ নিৰ্বাচনী সভাত ভাগ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলকে ধৰি দুয়োটা দলৰ শীৰ্ষ নেতৃত্বই ৷ সভাত বিজেপি আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে দুয়োটা দলে ৷

congress aiudf alliance meeting
ৰঙিয়াত কংগ্ৰেছ আৰু এআইইউডিএফৰ যৌথ নিৰ্বাচনী সভা

By

Published : Dec 5, 2020, 10:10 AM IST

ৰঙিয়া,5 ডিচেম্বৰ : ৰঙিয়াৰ উলুবাৰীত শুকুৰবাৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ যৌথ নিৰ্বাচনী সভা সম্পন্ন । 30 নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ আৰু এআই ইউ ডিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেশ বড়োৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে । লগতে প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুত বৰদলৈ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদসহ কেইবাগৰাকী নেতাই ৷

ৰঙিয়াত কংগ্ৰেছ আৰু এআইইউডিএফৰ যৌথ নিৰ্বাচনী সভা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত কয় যে, ‘‘বিজেপি, ইউপিপিএল আৰু বিপিএফ হৈছে ভয়ংকৰ দল । কংগ্ৰেছ বা এআইইউডিএফ দলে অকলে এই দল তিনিটাক প্ৰতিহত কৰিব নোৱাৰে। গতিকে অসমৰ ৰক্ষাৰ হেতু এই মিত্ৰতা অনিবাৰ্য আছিল’’ । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ‘‘বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু এইআইইউডিএফৰ মিত্ৰতাৰ বিষয়ে আলোচনা চলি আছে । সেয়া সময়তহে নিশ্চিত হ’ব’’ ।

আনহাতে বদৰুদ্দিন আজমলে নিৰ্বাচনী সভাত ড৹ হিমন্ত বিশ্বৰ নৃত্য সন্দৰ্ভত কয় যে, ‘‘হাই পাৱাৰৰ কাৰেণ্ট লগা বাবে হিমন্তই নাচি আছে । বিটিএডিত বাহিৰৰ পৰা মানুহ আনি নিৰ্বাচনী সভা পতা হিমন্তই কিন্তু নিৰ্বাচনৰ পাচত কান্দিব লাগিব’’ ।

উক্ত সভাত প্ৰদ‍্যুৎ বৰদলৈয়ে বিজেপিক এক বৃহৎ তিমি মাছৰ লগত তুলনা কৰি কয় যে, ‘‘বিজেপিয়ে সমাজ জীৱনৰ জাতীয় সত্তাৰ পতন ঘটাই অসমক ধৰ্মীয় ৰাজনীতিৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিব’’ ।

লগতে পঢ়ক :কাছাৰত পথৰ আধাৰশিলা স্থাপন বিধায়ক কিশোৰ নাথৰ

ABOUT THE AUTHOR

...view details