অসম

assam

ETV Bharat / state

ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প’ষ্টাৰ ফালিলে দুৰ্বৃত্তই - জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়াত বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য ডাঃ প্ৰাঞ্জল ভৰালীৰ ফটো সম্বলিত প’ষ্টাৰ আৰু হৰ্ডিং ফালি পেলাইছে অচিনাক্ত দুৰ্বৃত্তই ৷ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Conflict near election in rangia kamrup assam etv bharat news
ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প’ষ্টাৰ ফালিলে দুৰ্বৃত্তই

By

Published : Jan 5, 2021, 2:08 PM IST

ৰঙিয়া,5 জানুৱাৰী:ৰঙিয়াত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী সংঘাত ৷ বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য ডাঃ প্ৰাঞ্জল ভৰালীৰ ফটো সম্বলিত প’ষ্টাৰ আৰু হৰ্ডিং অচিনাক্ত দুৰ্বৃত্তই ফালি পেলোৱাক কেন্দ্ৰ কৰি এই ধাৰণা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সমাগত নিৰ্বাচনৰ টিকট প্ৰত্যাশী বিজেপি নেতাগৰাকীয়ে ৰাইজক উদ্দেশ্যি নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাবলৈ ৰঙিয়াৰ ভিন্ন প্ৰান্তত আঁৰি দিছিল প’ষ্টাৰৰ লগতে কিছুসংখ্যক হৰ্ডিং ৷ কিছুদিন পূৰ্বে আঁৰি দিয়া এই প’ষ্টাৰসমূহ সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই ফালি পেলায় ৷ এই ঘটনাই ৰঙিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷

ডাঃ প্ৰাঞ্জল ভৰালীৰ ফটো সম্বলিত প’ষ্টাৰ আৰু হৰ্ডিং ফালিলে দুৰ্বৃত্তই

উল্লেখ্য যে, ২০০৬ চনত ৰঙিয়া সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাঞ্জল ভৰালীয়ে এই হৰ্ডিঙৰ জৰিয়তে পৰোক্ষভাৱে নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচৰাৰ ইংগিত দিছিল ৷ ভৰালীৰ এই কাৰ্যত ক্ষোভিত হৈ কোনো দলীয় নাইবা বিৰোধী কৰ্মীয়ে এনে কু-কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৰালীয়ে কয় যে, প্ৰকৃত দলীয় নেতা-কৰ্মী হ’লে এনে কাৰ্য কৰাতো অস্বাভাৱিক ৷ সেয়ে কোনো দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে গেৰুৱা দলটোৰ নেতাগৰাকীয়ে ৷ এই কাৰ্য অত্যন্ত দুখদায়ক বুলি অভিহিত কৰি প্ৰাঞ্জল ভৰালীয়ে ঘটনা সম্পৰ্কে দলটোৰ শীৰ্ষ নেতৃবৃন্দক অৱগত কৰে ৷

ইফালে, বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ঘাটি হিচাপে পৰিচিত ৰঙিয়াত সমাগত বিধানসভা নিৰ্বাচনত প্ৰাঞ্জল ভৰালীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা কাৰ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰঙিয়াৰ ৰাজনৈতিক মহলত ৷ সেয়ে পৰৱৰ্তী নিৰ্বাচনত এই সমষ্টিৰ পৰা কোনে নিৰ্বাচনী টিকট লাভ কৰি ৰণত নামি সমষ্টি দখল কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃপানবজাৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ABOUT THE AUTHOR

...view details