অসম

assam

By

Published : Jun 13, 2021, 8:27 AM IST

ETV Bharat / state

সোণতলীত দুই ফৈদৰ পাৰিবাৰিক কন্দল: কিশোৰক হত্যাৰ চেষ্টা

সোণতলীৰ পথালিপাৰাত শনিবাৰে দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাত ৷ কিছু পুৰণি বিষয়ক লৈ এই সংঘৰ্ষৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন 12 বছৰীয়া কিশোৰ ৷

conflict-between-two-family-at-suntoli-of-boko
বকোৰ সোণতলীত দুই পৰিয়ালৰ মাজত প্ৰচণ্ড সংঘাত

বকো,13 জুন :বকোৰ সোণতলীৰ পথালিপাৰাত শনিবাৰে দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাত ৷ সংঘাতৰ ফলশ্ৰুতিতে এজন 12 বছৰীয়া কিশোৰক হত্যাৰ চেষ্টা কৰে বিপৰীত পক্ষই ৷ আঘাতপ্ৰাপ্ত কিশোৰজন শ্বাজামাল হক বুলি জানিব পৰা গৈছে ৷ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শ্বাজামাল হক ৷

সোণতলীত পাৰিবাৰিক কন্দলৰ পৰিণতিত আহত কিশোৰ

প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰজনক আক্ৰমণ কৰা দুৰ্বৃত্ত কেইজন ক্ৰমে নাছেৰ আলী, খোকছেদ আলী আৰু আমীৰ আলী ৷ শ্বাজামালৰ খুড়াক শহৰ আলীকো আক্ৰমণ কৰে দুৰ্বৃত্ত কেইজনে ৷ ঘটনাৰ পাছতে আটাইকেইজন আঘাতপ্ৰাপ্তক ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ কিছু পুৰণি বিষয়ক লৈ এই সংঘৰ্ষৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

লগতে পঢ়কঃগুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details