বাইহাটা,10 জানুৱাৰী : কামৰূপ (গ্ৰাম্য) জিলাৰ কমলপুৰত বিজেপি দলত সৃষ্টি হৈছে বিসম্বাদ ৷ ন-বিজেপিৰ আগ্ৰাসনত জাঙুৰ খাই উঠিছে পুৰণি কৰ্মী । ন-বিজেপিৰ দপদপনিয়ে যেন শংকিত কৰি তুলিছে পুৰণি নেতা-কৰ্মীক ।
বাইহাটাত ন-পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাত! - সংঘাত
কমলপুৰত ন-বিজেপি কৰ্মী আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত মতানক্য ৷ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ উদ্যোগত শনিবাৰে পুৰণি কৰ্মীৰ মাজত অনুষ্ঠিত হোৱা সভাখনে এই ইংগিত প্ৰদান কৰিছে ৷
বিজেপি কৰ্মীৰ মাজত সংঘাত
উল্লেখ্য যে, টিকট প্ৰত্যাশীৰ ভিৰে কমলপুৰৰ বিজেপিৰ ৰাজনৈতিক স্থিতিত উখল-মাখল লগাই থকাৰ সময়তে পুৰণি বিজেপি কৰ্মীৰ এই সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে । শনিবাৰে মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ উদ্যোগত পুৰণি কৰ্মীৰ মাজত অনুষ্ঠিত হোৱা এই সভাখনে দলৰ মাজত সৃষ্টি হোৱা বিসম্বাদ স্পষ্ট কৰি তুলিছে ।
লগতে পঢ়ক :বিহুৰ পিছতে অসমৰ ৰাইজে ঐক্যবদ্ধ আঞ্চলিক শক্তি দেখিবঃ শৃংখল চলিহা