কামৰূপ,2মে'ঃ লক্ ডাউনৰ মাজতে নিশা এক বজাত হাজোৰ সৌৰমুৰী ন পাৰা চুবুৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। গৰু চুৰি কৰিবলৈ অহাৰ সন্দেহত তিনি লোকক গণ প্ৰহাৰ দিয়াৰ সমান্তৰালকৈ জ্বলাই দিয়ে AS-25-CC-6606 নম্বৰৰ এখন মেক্সিম' গাড়ী।
হাজোত গৰু চুৰিৰ সন্দেহত তিনিজনক গণপ্ৰহাৰ - conflict at hajo sourmuri
দেশ জুৰি লক্ ডাউন চলি থকাৰ মাজতে নিশা এক বজাত হাজোৰ সৌৰমুৰী ন পাৰা চুবুৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। গৰু চুৰি কৰিবলৈ অহা বুলি সন্দেহ কৰি তিনি লোকক গণ প্ৰহাৰ দিয়াৰ সমান্তৰালকৈ জ্বলাই দিয়ে এখন মেক্সিম' গাড়ী ৷
![হাজোত গৰু চুৰিৰ সন্দেহত তিনিজনক গণপ্ৰহাৰ conflict at hajo sourmuri between lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7027649-thumbnail-3x2-a-2.jpg)
উল্লেখযোগ্য যে, হাজো সমষ্টিৰ অন্তৰ্গত কঞা থানাৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত বিগত লক্ ডাউনৰ সময় চোৱাত কেইবাটাও গৰু চুৰি ঘটনা সংঘটিত হৈছে। বহু কেইজন কৃষকৰ গৰু চুৰি কৰি নিয়াত গাওঁবাসীয়ে প্ৰতিদিনে নিশাৰ ভাগত পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু তেনে সময়তে নিশা এক বজাত গাঁওখনত তিনি জন লোক গাড়ীসহ প্ৰৱেশ কৰাত সন্দেহৰ আৱৰ্তত সোমাই পৰে সমগ্ৰ বিষয়টো। প্ৰথম অৱস্থাত সন্দেহজনক লোক কেইজনক দেখাৰ মাত্ৰেই স্থানীয় ৰাইজে বাহনখনত থকা তিনি ব্যক্তিক প্ৰথমে মাৰপিট কৰাৰ লগতে একাংশ লোকে মেক্সিম' গাড়ী খন জ্বলাই দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ লোক উপস্থিত হৈ বাহনখনত থকা লোক কেইজনক উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত ।