ৰঙিয়া, 1 ডিচেম্বৰ :মঙলবাৰে ৰঙিয়া মহকুমাৰ সমবায় সমিতি সমূহে সাব্যস্ত কৰে প্ৰতিবাদ(Co operative societies protest) । সমবায় সমিতিসমূহৰ পৰিবহণ ব্যয় আৰু কমিছন আদায় দিয়াৰ দাবীত অৰ্ধ শতাধিক সমবায় সমিতিৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
খাদ্য সুৰক্ষা আইনৰ চাউলৰ লগতে মধ্যাহ্ন ভোজন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনি(Pradhan Mantri Garib Kalyan Scheme), অন্ত্যোদয়া আঁচনি, মধ্যাহ্ন ভোজন, অংগনবাদীৰ চাউল সমবায় সমিতিসমূহে দীৰ্ঘদিন ধৰি দৰিদ্ৰ হিতাধিকাৰীক বিতৰণ কৰি আহিছে । কিন্তু সমবায় সমিতিসমূহে ইয়াৰ বিনিময়ত চৰকাৰৰ পৰা পাবলগীয়া পৰিবহন ব্যয় আৰু কমিছনৰ ধন প্ৰায় দুবছৰ ধৰি লাভ কৰা নাই ৷ যাৰ বাবে এই সমবায় সমিতিসমূহে এতিয়া গভীৰ আৰ্থিক সংকটত ভূগিবলগীয়া হৈছে ।