অসম

assam

ETV Bharat / state

আমিনগাঁৱত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা - CM woman sports at kamrup amingaon

কামৰূপৰ জিলাৰ আমিনগাঁওৰ নুমলী জলাহ খেলপথাৰ জিলা ভিত্তিত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা ৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত এদিনীয়া ক্ৰীড়া প্ৰতিযোগিতা অংশ লয় মুঠ ১৪ টা ব্লক পৰা ১৯৫ গৰাকী প্ৰতিযোগীয়ে ৷

কামৰূপ
আমিনগাঁৱত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা

By

Published : Feb 14, 2020, 8:35 PM IST

কামৰূপ,14 ফেব্ৰুৱাৰীঃকামৰূপৰ জিলাৰ আমিনগাঁৱৰ নুমলী জলাহ খেল পথাৰত এদিনীয়াকৈ অনুষ্ঠিত হৈছে মহিলা ক্ৰীড়া প্ৰতিযোগিতা । শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে বিভিন্ন খেল । প্ৰতিযোগিতাত অন্তৰ্ভুক্ত ১৫০০ মিটাৰ দৌৰ ,২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প লগতে বিভিন্ন ধৰণৰ খেল। এই প্ৰতিযোগিতাত কামৰূপ জিলাৰ মুঠ ১৪ টা ব্লক পৰা ১৯৫ গৰাকী মহিলাই সকলে অংশ গ্ৰহণ কৰে । প্ৰতিটো ব্লকৰ পৰা ১২ গৰাকীকৈ মহিলাই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ।

আমিনগাঁৱত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা

আনহাতে, আগন্তুক ১৬ আৰু ১৭ ফেব্ৰুৱাৰীৰ গুৱাহাটীৰ পল্টনবজাৰৰ চাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া অসম ভিত্তিত মহিলা ক্ৰীড়া প্ৰতিযোগিতা এই মহিলাখিনিয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব দিয়ে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।

আমিনগাঁৱত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা

উল্লেখ্য যে,শুকুৰবাৰে নুমলী জলাহ খেল পথাৰত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা মুকলি কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । লগতে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মা আৰু কামৰূপ জিলাৰ বিভিন্ন ক্ষেত্ৰৰ ক্ৰীড়াৰ লগত জড়িত থকা বিশিষ্ট ব্যাক্তিসকল উপস্থিত থাকে ক্ৰীড়া প্ৰতিযোগিতা ।

আৰু পঢ়কঃ অখিল গগৈক লৈ শংকিত বিজেপিঃ যোগেন্দ্ৰ যাদৱ

ABOUT THE AUTHOR

...view details