ৰঙিয়া, 18 জুন: ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে বান পৰিস্থিতি (Flood in Rangia) । ৰঙিয়াত বানাক্ৰান্তৰ কাষত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰঙিয়াৰ ফাতিমা কনভেন্ট স্কুলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে (CM visited flood area in Rangia) ৷
ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ আগত কান্দি কান্দি বানাক্ৰান্ত লোকসকলে সাহাৰ্যৰ নামত দুৰ্নীতি হোৱাৰ কথা অৱগত কৰে ৷ বানাক্ৰান্তৰ নামত অহা সাহাৰ্য আৰু টিৰপাল বিতৰণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে ৷
পৰিদৰ্শনৰ সময়ত সংবাদমাধ্যমক মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে চৰকাৰী সমীক্ষা অনুসৰি 28 খন ৰাজ্য বানত বুৰ গৈছে ৷ আনহাতে ৰঙিয়া ৰাজহ চক্ৰত ৫০,২৪২ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৯৪ হেক্টৰ কৃষিভূমি বানপানীৰ কবলত পৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২০জুনৰ পিছত ৰাজ্যত বৰষুণৰ পৰিমাণ কমিলে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিব বুলি আশা প্ৰকাশ কৰে ৷ বানাক্ৰান্তক দুঘণ্টাৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ সাহায্য আগবঢ়োৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্তীগৰাকীয়ে ৷