গুৱাহাটী, 15 জুলাই : মৈয়েত্ৰী আঁচনিৰ অধীনত নিৰ্মিত আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিগত বাজেট অধিৱেশনত লোৱা প্ৰস্তাৱ অনুসৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে মৈয়েত্ৰী আঁচনিৰ জৰিয়তে অসমৰ আৰক্ষী থানাসমূহৰ ভৱন সমূহক নতুন ৰূপ দিয়াৰ যি আঁচনি গ্ৰহণ কৰা হৈছিল সেই আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে আজাৰা আৰক্ষী থানাত ৷
মৈয়েত্ৰী আঁচনিৰে আজাৰা আৰক্ষী থানাক নতুন ৰূপ - তপন গগৈ
আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই মৈয়েত্ৰী আঁচনিৰ অধীনত থানাসমূহত থাকিব অত্যাধুনিক সা-সুবিধা, মহিলা আৰু শিশুৰ বাবে থাকিব বিশেষ সুবিধা, থাকিব চাইবাৰ চেল ।
এই মৈয়েত্ৰী আঁচনিৰ অধীনত ভৱনৰ উপৰিও থানাসমূহত থাকিব অত্যাধুনিক সা-সুবিধা। মহিলা আৰু শিশুৰ বাবেও এই থানাসমূহত থাকিব বিশেষ সুবিধা লগতে থাকিব চাইবাৰ চেল। এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও গুৱাহাটী আৰু যোৰহাট লোকসভাৰ সাংসদ কুইন ওজা আৰু তপন গগৈ,আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।
উল্লেখ্য যে মৈয়েত্ৰী আচনিৰ অধীনত এই থানাসমুহত থাকিব মহিলা আৰু শিশু প্ৰশাখা,সভাকক্ষ,পুৰুষ মহিলা আৰক্ষী বিষয়াৰ জিৰণী জোঠা,আৰক্ষী বেৰেক,অগ্নি নিৰ্বাপন ব্যৱস্থা, স্থানীয়ভাৱে উপলব্ধ বাহৰ সামগ্ৰী,দৰ্শনাৰ্থীৰ বাবে প্ৰশাধনযুক্ত জিৰণী কোঠা ইত্যাদি ৷