অসম

assam

ETV Bharat / state

আমিনগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰণ - আত্মসহায়ক গোটক ট্ৰেক্টৰ বিতৰণ

সমগ্ৰ জিলাখনৰ ৪৫৬ টা আত্মসহায়ক গোটক ট্ৰেক্টৰ বিতৰণ কৰা বাবে বাচনি কৰা হয় যদিও ইয়াৰে ২৯০ গৰাকীক প্ৰথম পৰ্যায়ত ট্ৰেক্টৰ সমূহ প্ৰদান কৰা হৈছিল।

আমিনগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণ
আমিনগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণ

By

Published : May 1, 2020, 5:41 PM IST

কামৰূপ, 1 মে:লক্​ ডাউনৰ মাজতেশুকুৰবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ট্ৰেক্টৰ বিতৰণ কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । জিলাখনত দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাখন মুকলি কৰি কৃষকসকল উপকৃত হ'ব বুলিও প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে ।

আমিনগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণ

ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত কামৰূপ জিলা উন্নয়ন আয়ুক্ত টকেশ্বৰ দাসে আঁচনিখনৰ যোগেদি লাভ কৰা ট্ৰেক্টৰৰ জৰিয়তে ১০০৬ খন গাঁৱৰ লোক উপকৃত হ'ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে । সমগ্ৰ জিলাখনৰ ৪৫৬ টা আত্মসহায়ক গোটক ট্ৰেক্টৰ বিতৰণ কৰা বাবে বাচনি কৰা হয় যদিও ইয়াৰে ২৯০ গৰাকীক প্ৰথম পৰ্যায়ত ট্ৰেক্টৰ সমূহ প্ৰদান কৰা হৈছিল । বাকী থকা ১৬৬ টা আত্মসহায়ক গোটক আগন্তুক সময়ত ট্ৰেক্টৰ সমূহ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে ।


ABOUT THE AUTHOR

...view details