অসম

assam

ETV Bharat / state

মিৰ্জা বটলিং প্লান্ট পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - বিধায়ক প্ৰণৱ কলিতা

সকলো দিশ পৰিদৰ্শন কৰাৰ পাছতে Indian oil corporationৰ বটলিং প্লান্টৰ লগতে জড়িত সকলো কৰ্মচাৰীক শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

CM sarbanda Sonowal visit LPG bottling plant
মিৰ্জা বটলিং প্লান্ট পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Apr 22, 2020, 8:32 PM IST

দক্ষিণ কামৰূপ, 22 এপ্ৰিল: লক ডাউনৰ মাজতে বুধবাৰে বিয়লি মিৰ্জা বটলিং প্লান্টত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ লকডাউনৰ সময়ত জৰুৰীকালীন সকলো সেৱাৰ লগতে ৰন্ধন গেছৰ যাতে কোনোধৰণৰ নাটনি নহয় তাৰ বাবে সকলোবোৰ দিশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উপস্থিত হৈয়ে মিৰ্জা সৰপাৰাস্থিত Indian Oil Corporationৰ বটলিং প্লান্টৰ বিষয়ববীয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

মিৰ্জা বটলিং প্লান্ট পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সকলো দিশ পৰিদৰ্শন কৰাৰ পাছতে Indian oil corporationৰ বটলিং প্লান্টৰ লগতে জড়িত সকলো কৰ্মচাৰীক শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

মিৰ্জা বটলিং প্লান্ট পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ইয়াৰ উপৰিও আৰক্ষী-প্ৰশাসনৰ লোকৰ লগতে জৰুৰীকালীন সেৱাত ৰাইজৰ স্বাৰ্থত দিনে-নিশাই কাম কৰি থকা সকলৰো শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকী লগত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা ৷

লগতে পঢ়কঃ নিৰ্ধাৰিত মাচুলৰ আধা মাচুলহে ল'ব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে

ABOUT THE AUTHOR

...view details