গুৱাহাটী, 30 নৱেম্বৰঃ শনিবাৰে গুৱাহাটীৰ সমীপৱৰ্তী দ্বীপৰ বিলত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিয়লি হঠাতে বিলখনত উপস্থিত হৈ দ্বীপৰ বিলৰ সৌন্দৰ্য্য উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ দ্বীপৰ বিলৰ থকা টাৱাৰত উঠি দ্বীপৰ বিলৰ সৌন্দর্য উপভোগ কৰিলে সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে ।
দ্বীপৰ বিলৰ সৌন্দৰ্য উপভোগ মুখ্যমন্ত্ৰী সোণোৱালৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
দ্বীপৰ বিলৰ থকা টাৱাৰত উঠি দ্বীপৰ বিলৰ সৌন্দর্য উপভোগ কৰিলে সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে
দ্বীপৰ বিলৰ সৌন্দৰ্য উপভোগ মুখ্যমন্ত্ৰীৰ
আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দ্বীপৰ বিলত উপস্থিত হোৱা সন্দৰ্ভত ৰনজিৎ দাসে কয়, "দ্বীপৰ বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ সপোন আছে বাবে মুখ্যমন্ত্ৰী গৰাকী এনদৰে হঠাৎ দ্বীপৰ বিল পৰিভ্ৰমণ কৰে ৷ আগন্তুক দিনত এই সপোন ফলপ্ৰসূ কৰি আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত দ্বীপৰ বিলক উজ্বলাবলৈ হয়টো উপস্থিত হৈছে মুখ্যমন্ত্ৰী গৰাকী ।"