আজাৰা, 28 মে’: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুকলি কৰিলে বিশেষ বিমান সেৱাৰ । কিয়নো এতিয়াৰে পৰা অসমৰ কেঁচা শাক-পাচলি ৰপ্তানি হ'ব বিদেশলৈ । বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা অসমৰ কেঁচা পাচলি ৰপ্তানি হ'ব ডুবাইলৈ । অৱশ্যে পূৰ্বতেও অসমৰ বিভিন্ন শাক-পাচলি বিদেশলৈ ৰপ্তানি হৈছিল ।
বৰঝাৰ বিমানবন্দৰত পাচলি ৰপ্তানি বিমানৰ মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ - বৰঝাৰ বিমানবন্দৰত পাচলি ৰপ্তানি বিমানৰ মুকলি
বৃহস্পতিবাৰে গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰত কেঁচা পাচলি ৰপ্তানি বিশেষ বিমানৰ মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিমানবন্দৰত ৰঙালাও ৰপ্তানি সেৱা ফ্লেগ অফ্ কৰি এই সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ এতিয়াৰে পৰা অসমৰ কেঁচা শাক-পাচলি ৰপ্তানি হ'ব বিদেশলৈ ৷
![বৰঝাৰ বিমানবন্দৰত পাচলি ৰপ্তানি বিমানৰ মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ বৰঝাৰ বিমানবন্দৰত পাচলি ৰপ্তানি বিমানৰ মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7381310-922-7381310-1590663234050.jpg)
বৰঝাৰ বিমানবন্দৰত পাচলি ৰপ্তানি বিমানৰ মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ
বৰঝাৰ বিমানবন্দৰত পাচলি ৰপ্তানি বিমানৰ মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ
কৃষকৰ কেঁচা পাচলিখিনি বৰঝাৰ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ লৈ অহাৰ পিছত বাকীখিনি কামৰ দায়িত্ব গ্ৰহণ কৰিব বিমানবন্দৰৰ শুল্ক বিভাগৰ লগতে বিমান পৰিবহন বিভাগে । বিমানবন্দৰত ৰঙালাও ৰপ্তানি সেৱা ফ্লেগ অফ্ কৰি এই সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা, পৰিবহন আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
লগতে পঢ়ক: হোজাইত পুনৰ ৪ (চাৰি) জন যুৱকৰ দেহত COVID-19+