আজাৰা,7জানুৱাৰীঃমহানগৰীৰ ধাৰাপুৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ধাৰাপুৰত পাঞ্জাব নেচনেল বেংকৰ এটা নতুন ক্ষেত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । পাঞ্জাব নেচনেল বেংক,গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত নতুনকৈ গঢ়ি উঠা ধাৰাপুৰস্থিত কাৰ্যালয়ত ঋণ মেলাৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ উক্ত কাৰ্যসূচীত ।
ধাৰাপুৰত পাঞ্জাব নেচনেল বেংকৰ কাৰ্যসূচীত উপস্থিত মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
পাঞ্জাব নেচনেল বেংক,গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত নতুনকৈ গঢ়ি উঠা ধাৰাপুৰস্থিত কাৰ্যালয়যত ঋণ মেলাৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ উক্ত কাৰ্যসূচীত ।
ইপিনে ঋণ মেলাৰ লগত সংগতি ৰাখি আয়োজিত সভাত বেংকটোৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিলৈ ২৫ লাখ টকাৰ সাহাৰ্য আগবঢ়াই। এই সভাতে বেংকটোৰ তৰফৰ পৰা বিভিন্ন আত্মসহায়ক গোট,শিক্ষা,কৃষি আদি শাখাত মুঠ ১৭ হেজাৰ হিতাধিকাৰীক ঋণ প্ৰদান কৰে ৷ লগতে বহু কেইজন কৃষকক টেক্টৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ কৃষি অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত পাঞ্জাব নেচনেল বেংকে আগবঢ়োৱা পদক্ষেপক প্ৰশংসা কৰে। বেংকৰ পৰা ঋণ লাভ সকলে নিষ্ঠাৰে কাম কৰি নিজক প্ৰতিষ্ঠা কৰি কৰ্মসংস্থান বৃদ্ধি কৰি ৰাজ্যখনৰ অৰ্থনৈতিক দিশ শক্তিশালী কৰিবলৈ আহ্বান জনাই। আনহাতে এতিয়াৰে পৰা United Bank,Orintal Bank আৰু পাঞ্জাব নেচনেল বেংক একগোট হৈ কাম কৰিব বুলিও জানিবলৈ দিয়ে বেংকটোৰ কৰ্তৃপক্ষই।
লগতে পঢ়কঃ বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে