অসম

assam

ETV Bharat / state

এতিয়াৰে পৰা এপত উপলব্ধ হ'ব অসম আৰক্ষী সেৱা - CM

ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত চলাচল কৰা নাগৰিকক সহায় আগবঢ়োৱাৰ বাবে প্ৰস্তুত কৰা হৈছে এই এপটো । ‘হাইৱে হেল্পলাইন-যাত্ৰী মিত্ৰ’ নামৰ এই উদ্ভাৱনীমূলক এপটো এনড্ৰইড তথা আইঅ’এছ প্লেটফৰ্মত উপলদ্ধ হ’ব।

APP

By

Published : Jun 19, 2019, 11:55 PM IST

গুৱাহাটী,19জুন: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আনুষ্ঠানিকভাৱে মুকলি কৰে অসম আৰক্ষীৰ হাইৱে হেল্পলাইন এপ । এই এপটোৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত চলাচল কৰা নাগৰিকক সহায় আগবঢ়োৱাৰ বাবে প্ৰস্তুত কৰা হৈছে। ‘হাইৱে হেল্পলাইন-যাত্ৰী মিত্ৰ’ নামৰ এই উদ্ভাৱনীমূলক এপটো এনড্ৰইড তথা আইঅ’এছ প্লেটফৰ্মত উপলদ্ধ হ’ব।

এপত উপলব্ধ হ'ব অসম আৰক্ষীৰ সেৱা

ৰাষ্ট্ৰীয় তথা ৰাজ্যিক ঘাইপথসমূহৰে পৰিভ্ৰমণ কৰা নাগৰিকসকলে তেঁওলোকৰ ভ্ৰমণকালত এই এপটোৰ জৰিয়তে আশে-পাশে থকা সকলো সা-সুবিধাৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে চিকিৎসা সেৱা, গাড়ী মেৰামতি, পেট্ৰল পাম্প, কাষৰ আৰক্ষী থানা তথা অন্যান্য সা-সুবিধাৰ বিষয়ে অৱগত হ’ব পাৰিব। এপটোৱে 250খন আৰক্ষী থানা,525 টা মেডিকেল পইন্ট, 628 টা গাড়ী মেৰামতি কেন্দ্ৰ,294 টা পেট্ৰল পাম্প, 754 টা পাব্লিক ইউটিলিটি কেন্দ্ৰক সামৰি ল’ব। এপটো অসম আৰক্ষীয়ে গুৱাহাটীৰ ৰয়েল গ্লৱেল ইউনিভাৰচিটি আৰু আৰ্চাভিভি টেকন’লজিৰ সহযোগত ব্যক্তিগত আৰু ৰাজহুৱা অংশীদাৰিত্বৰ আৰ্হিৰে তৈয়াৰ কৰি উলিয়াইছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, গৃহ বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী প্ৰমুখ্যে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details