কামৰূপ , 19 চেপ্তেম্বৰঃ "মে কিষাণ কা বেটা হু"-বৃহস্পতিবাৰে SIPPRDৰ কাঁহিকুচিস্থিত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এনেদৰেই কৃষকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
হিন্দীতে সোণোৱালে ক'লে "মে কিষাণ কা বেটা হু"... - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত 3 দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ মুকলি ৷ প্ৰশিক্ষণ শিবিৰটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
![হিন্দীতে সোণোৱালে ক'লে "মে কিষাণ কা বেটা হু"...](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4491230-thumbnail-3x2-cm.jpg)
প্ৰধানমন্ত্ৰীৰ ঘোষণামৰ্মে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকসকলৰ উৎপাদন আৰু উপাৰ্জন দুগুণ কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আঁচনি গ্ৰহণ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে SIPPRDৰ কাঁহিকুচিস্থিত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয় ৷ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সমগ্ৰ উত্তৰ পূৱৰ কিষাণ মৰ্চাৰ সকলো বিষয় ববীয়া, জিলা সভাপতি, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সকলৰ প্ৰশিক্ষণ শিবিৰটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি বীৰেন্দ্ৰ সিং ,ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ-পূৱৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল ,ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফনিন্দৰ শৰ্মা , কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৱৰ প্ৰভাৰী ডঃ শম্ভূ কুমাৰ উপস্থিত থকা অনুষ্ঠানটোত দেশৰ কৃষক সকলৰ উন্নতিৰ বাবে সকলো সুবিধা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷