দক্ষিণ কামৰূপ, 16 ফেব্ৰুৱাৰী : দ্বীপৰবিলৰ পাৰত মুকলি 'পৰ্যটন সাৰথি' নামৰ এখন আঁচনিৰ । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত মুকলি কৰা হয় আঁচনিখনৰ ৷ মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'পৰ্যটন সাৰথি' নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ।
ইফালে, উক্ত স্থানতে পৰ্যটন বিভাগে চলাই অহা আন এখন আঁচনি "আমাৰ আলহি" ৰ জৰিয়তে সুবিধা লাভ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰী সকলোক মুখ্যমন্ত্ৰীয়ে অনুমোদন পত্ৰ প্ৰদান কৰে । পৰ্যটকৰ আকৰ্ষণীয় কৰি বিলখনক সজাই তুলিবলৈ এই আঁচনিৰ জৰিয়তে 10 কোটি টকাৰে গ্ৰহণ কৰা আঁচনিৰ মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও বন বিভাগৰ আপত্তিৰ বাবে স্থগিত ৰাখে ।