অসম

assam

ETV Bharat / state

ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীৰ কুশল কামনাৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

মহা শিৱৰাত্ৰি উপলক্ষে গুৱাহাটীৰ কেইবাটাও মন্দিৰত সেৱা জনায় মুখ্য৷মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma attended on Shiv Ratri in Guwahati) ৷ ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকলৰ কুশল-মঙ্গল কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

By

Published : Mar 1, 2022, 9:45 PM IST

Himanta Biswa Sarma attended on Shiv Ratri in Guwahati
ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীৰ কুশল কামনাৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

গুৱাহাটী, 1 মাৰ্চ: ইউক্ৰেইনৰ আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ কুশল কামনা কৰি শিৱ‌ বাবাৰ ওচৰত প্ৰাৰ্থনা জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma prays for students trapped in Ukraine)৷ যুদ্ধভূমিখনত আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ-‌ছাত্ৰীসকলক‌ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীৰ কুশল কামনাৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

উল্লেখ্য যে, শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উত্তৰ গুৱাহাটীত উপস্থিত হৈ অঞ্চল টোৰ কেইবাটাও শিৱ মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰে (Himanta Biswa Sarma attended on Shiv Ratri in Guwahati)। মনিপুৰৰ পৰা বৰঝাৰত উপস্থিত হৈ পোনে পোনে উত্তৰ গুৱাহাটীৰ পুৰণি জাহাজ ঘাটত থকা দিহিংসত্ৰ সোমনাথ মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

তাৰপিছত অশ্বক্লান্ত শিৱ মন্দিৰ, কৃষ্ণ নগৰ শিৱ মন্দিৰ, শিলসাকো‌ ত্ৰিনয়ন মন্দিৰ , উত্তৰ গুৱাহাটী কলেজ চ'ক বাৰোৱাৰী দুৰ্গা মন্দিৰ , কলবাৰী শিৱ মন্দিৰ , মধ্যমখণ্ড শিৱ মন্দিৰকে ধৰি ৯ টা মন্দিৰত শিৱ পূজাৰ সেৱা গ্ৰহণ কৰে মুখ্যমন্ত্ৰীজনে ।

লগতে পঢ়ক:Russia Ukraine War : যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ অসমৰ ১৬০ গৰকী লোক

ABOUT THE AUTHOR

...view details