বাইহাটা, 19 জুন :অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ উজনীৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ খাদ্য আৰু বাসস্থানৰ অভাৱৰ লগতে প্ৰাণৰ সংশয়েও দেখা দিছে বানাক্ৰান্তৰ মাজত ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বাইহাটা চাৰিআলিৰ কমলপুৰৰ কলাজলো এতিয়া ডুব গৈছে পানীৰ তলত (Flood at Baihata Chariali) ৷ পুঠিমাৰী, বৰলীয়া আৰু কলাজল নদীয়ে বাইহাটা চাৰিআলিৰ বিশেষকৈ কমলপুৰবাসী বিশেষ ক্ষতি কৰিছে ৷ যাৰ বাবে অঞ্চলটোৰ দুখ-দুদৰ্শা বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited Flood affected area of Baihata chariali)৷
বাইহাটা চাৰিআলিৰ কমলপুৰৰ কলাজলত উপস্থিত হৈ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বন্যাৰ্তসকলৰ লগতো মতবিনিময় কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বন্যাৰ্তসকলৰ বাবে আশ্ৰয় শিৱিৰ স্থাপনৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰে ।