অসম

assam

ETV Bharat / state

লখিমপুৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Himanta Biswa Sharma at Lakhimpur Medical College Hospital

নৱ নিৰ্মিত লখিমপুৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে মেডিকেল কলেজ হাস্পতাল খনত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ পৰিদৰ্শনৰ অন্তত মেডিকেল কলেজৰ বিষয়া, চিকিৎসক সকলৰ সৈতে এখন বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

cm-dr-himanta-biswa-sharma-at-lakhimpur-medical-college-hospital
লখিমপুৰ মেডিকেল কলেজ হাস্পতালত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 30, 2021, 9:00 PM IST

লখিমপুৰ, 30 ছেপ্টেম্বৰ : 2020 বৰ্ষৰ জুন মাহত সমগ্ৰ ৰাজ্যত 13 খন কেঞ্চাৰ হাস্পতাল একেদিনাই মুকলি কৰা হ'ব ৷ এইয়া ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এক ভাল খবৰ ৷ বৃহস্পতিবাৰে সন্ধিয়া লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত সদৰি কৰিছে এই কথা ৷ লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মেডিকেল কলেজৰ বিষয়া, চিকিৎসক সকলৰ সৈতে এক বৈঠকতো মিলিত হয় ৷

লখিমপুৰ মেডিকেল কলেজ হাস্পতালত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা

আনহাতে বৃহস্পতিবাৰৰে পৰা পুৰণি হাস্পতালৰ পৰা মেডিকেল কলেজ হাস্পতাল খনলৈ সকলো ৰোগীক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি, সকলো থিকে-থাকে থাকিলে চলিত বৰ্ষৰ পৰাই মেডিকেল কলেজৰ নামভৰ্তি আৰম্ভ কৰা হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি নকল টকা, জাল নোট আদি অসামাজিক বেহা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, য'তেই এনে কাম চলে তাক চাফ কৰিব লাগিব ৷

ইয়াৰ বাবে এক শক্তিশালী পদক্ষেপ ল'ব লাগিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইফালে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গ্ৰীণ ট্ৰিবিউনেলকে ধৰি বিভিন্ন পৰ্যায়ত বিষয়টো লৈ আলোচনা হ'ল ৷ লগতে সকলো খিনি ভালে ভালে হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীৰ এই কলেজ পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু নৱ দলে আদিয়ে সহযোগ কৰে ৷

লগতে পঢ়কঃশ্বহীদক অপমান কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল আছুৰ

ABOUT THE AUTHOR

...view details