- বৃহস্পতিবাৰে শ্বহীদ জোৱান সুনীল কলিতাৰ ৰঙিয়াস্থিত বাসভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
- মুখ্যমন্ত্ৰী গৰাকীয়ে ঝাৰখণ্ডত মাওবাদীৰ ভয়াৱহ আক্ৰমণৰ বলি হোৱা বীৰ শ্বহীদ সুনীল কলিতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্বহীদ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সমবেদনা জনায় শোকসন্তপ্ত পৰিয়ালবৰ্গক।
- "দেশ ৰক্ষা সেৱাত ব্ৰতী হৈ সন্ত্ৰাসবাদীৰ হাতত আত্মবলিদান দিয়া শ্বহীদ সুনীল কলিতাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব" বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- লগতে শ্বহীদ সুনীল কলিতাৰ ত্যাগ অথলে নেযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় "শ্বহীদ সুনীল কলিতাৰ আদৰ্শৰে অসমৰ পৰা হেজাৰ হেজাৰ যুৱক যুৱতীয়ে দেশৰ হকে সৰ্বস্ব ত্যাগ কৰাৰ মানসিকতাৰে আগবাঢ়ি আহিব"।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদ সুনীল কলিতালৈ শ্ৰদ্ধাঞ্জলি জনায় শোকসন্তপ্ত পৰিয়াললৈ প্ৰেৰণ কৰা শোক বাৰ্তা এটি শ্বহীদ পত্নী পদুমী কলিতাৰ হাতত প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পত্নীৰ হাতত পূৰ্বে ঘোষিত 20 লাখ টকাৰ চেক প্ৰদান কৰে।
- মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা আৰু স্থানীয় বিধায়ক সত্যব্ৰত কলিতা।
- শ্বহীদ পত্নী পদুমী কলিতাই ধন্যবাদ জনায় গৃহ মন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী ভৱেশ কলিতা আৰু স্থানীয় বিধায়ক সত্যব্ৰত কলিতাক।
শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী - সৰ্বানন্দ সোণোৱাল
শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পত্নীৰ হাতত 20 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী